MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ(MLA Jignesh Mevani arrested by Assam Police) অসম আৰক্ষীৰ ৷ গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অনুপ কুমাৰ দে’ৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক ।
BJP worker shot dead : দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা
জধানী দিল্লীত বিজেপি কৰ্মীক(BJP worker shot dead in Delhi) হত্যা ৷ বিজেপিৰ 42 বছৰীয়া কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গাজীপুৰ আৰক্ষীয়ে ৷
Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি
অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত । অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি প্ৰযোজ্য হ'ব অসম-অৰুণাচলৰ ক্ষেত্ৰত । অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী ।
নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল
ৰাইজৰ দলৰ বাবে এক সু-খবৰ ৷ অৱশেষত ৰাজনৈতিক দল হিচাপে স্বীকৃতি পালে ৰাইজৰ দলে (Raijor dal recognized as a political party) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণু মণ্ডলৰ
পশ্চিমবংগৰ এটা ৰে’ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গোৱা এটা ভিডিঅ‘ ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি চৰ্চালৈ আহিছিল ৰাণু মণ্ডল ৷ ইয়াৰ পাছতেই টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক নিজৰ ছবিত কণ্ঠদান কৰিবলৈ নিমন্ত্ৰণ কৰিছিল ৷