অনিদিষ্ট কাললৈ বন্ধ হ’ল মাজুলীলৈ ফেৰী সেৱা
অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Water level increasing in Brahmaputra) ৷ যাৰ বাবে অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰী সেৱা (Majuli and Nimati ferry service stopped) ৷ কেৱল মাজুলী-নিমাতী ফেৰী সেৱাই নহয় জিলা প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব নিমাতী-কমলাবাৰী আৰু অন্যান্য ফেৰী সেৱাও ৷
চলাহী কথাৰে লুটিলে ধন; ভূপেনক বিচাৰি খঙত জ্বলিছে ভুক্তভোগীৰ মন
এজাক মহিলাই বিচাৰি ফুৰিছে এজন মানুহক ৷ তেওঁক লগ নোপোৱাৰ বাবে ক্ষোভিতও হৈছে তেওঁলোক ৷ সকলোকে লাগে এই বিশেষ ব্যক্তিগৰাকীক ৷ লগপালেই যেন ৰক্ষা পৰে মহিলাসকল ৷ কোন এইগৰাকী ব্যক্তি, কিয় বিচাৰি ফুৰিছে মহিলা সকলে ?
দায়িত্ববোধ : কণমানি ভাতৃক কোলাত লৈ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণত ব্যস্ত 11 বছৰীয়া মানিং চিলিউ
মণিপুৰৰ এগৰাকী 11 বছৰীয়া কিশোৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বসাধাৰণৰ ৷ কিশোৰীগৰাকীয়ে কণমানি ভাতৃক কোলাত লৈ শিক্ষাগ্ৰহণ কৰা কাৰ্যৰ ফটো সম্প্ৰতি ভাইৰেল(Viral Photo of Maningsiliu Pamei) হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত বিভিন্ন দল-সংগঠন ৷
মেয়ৰ যি দলৰেই নহওক ৱাৰ্ড সদস্যৰ ভাগৰ উন্নয়নৰ ধন কাটিব নোৱাৰে : লুৰীণজ্যোতি গগৈ
গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত জাতীয় পৰিষদে ২৬ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে (Guwahati Municipal Corporation election 2022)৷ তাৰে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত ২৫ গৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে জাতীয়তাবাদী আঞ্চলিক দলটো ৷ মঙলবাৰৰ পৰা ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে ৷
বঢ়মপুৰত অংগনবাদী কৰ্মীক সকীয়নি বিধায়ক জিতু গোস্বামীৰ
নিজ কৰ্ম সফলভাৱে ৰূপায়ন নকৰিলে নিলম্বিত হ’ব অংগনবাদী কৰ্মী ৷ কিন্তু যদিহে অংগনবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাই মাতৃবন্দনাৰ আঁচনি সফলভাৱে ৰূপায়ন কৰে, তেওঁলোকক বিধায়কৰ ফালৰ পৰা শকত ধনৰ টোপোলাৰে পুৰস্কৃতও কৰা হ'ব ৷ নিজ সমষ্টিতে এই মন্তব্য কৰে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে (Jitu Goswami warns Anganwadi workers) ৷