Encounter in Morigaon : মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী
মৰিগাঁৱত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Police encounter in Morigaon) ৷ গুলীবিদ্ধ অপৰাধীৰ নাম আব্দুল চামাদ ৷
Russia Ukraine war : শত্ৰুতা পৰিহাৰ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine war) ৰ মাজতে ৰোমানিয়ান প্ৰধানমন্ত্ৰী নিকোলাই আয়নেল Ciucă ৰ সৈতে বাৰ্তালাপ (PM Modi Speaks to Romania Prime Minister) কৰে ৷ মোডীয়ে ৰোমানিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি (PM Modi thanks Romania PM) পৰৱৰ্তী কেইদিনমানৰ ভিতৰত ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ প্ৰচেষ্টাৰ তদাৰক কৰিবলৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক বিশেষ দায়িত্ব অৰ্পণ কৰা হ’ব বুলি Ciucă ক অৱগত কৰে ৷
Maha Shivratri at Shivadol : শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱৰ উদ্বোধন
শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শিৱৰাত্ৰী মহোৎসৱ (Shivaratri Mahotsav begins in Sivasagar) ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ দ্বাৰা অনুষ্ঠানৰ উদ্বোধন ৷
অসমত হ'ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প : সুশীল চন্দ্ৰ মিশ্ৰ
অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি ৷ দেশৰ ভিতৰতে অসমত স্থাপন হ’ব হাইড্ৰ'জেন উৎপাদন প্ৰকল্প (Hydrogen production project to be held in Assam) ৷ এক সংবাদমেলযোগে এই কথা সদৰি কৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰই ৷
সেনা বাহিনীৰ ঘাটি পৰিদৰ্শন লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ
ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰ প্ৰথমটো উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণসূচী সমাপ্ত কৰে লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷ অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰস্থিত সেনা বাহিনীৰ ঘাটিও পৰিদৰ্শন কৰে কামাণ্ডৰগৰাকীয়ে (Rana Pratap Kalita visited Indian army camp)।