Steel man of India dies : ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ জে ইৰাণীৰ বিয়োগ
টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক জামছেদ জে ইৰাণী আৰু নাই (Steel Man of India dies) । ৮৬ বছৰ বয়সত মৃত্যু জামছেদ জে ইৰাণীৰ । ২০১১ চনৰ জুনত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল ইৰাণীয়ে । ইৰাণীয়ে ১৯৯২ চনত পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয় ইৰাণীয়ে ।
Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস
"গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে (2 November mourn day in Gujrat) । উক্তদিনা ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৈ উত্তোলন কৰা হ'ব আৰু কোনো ধৰণৰআনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰা নহ'ব ।" গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক টুইটত এই কথা প্ৰকাশ কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
Assam Arunachal border dispute : অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধনৰ পথত
অৰুণাচলত সীমা সমস্যা সন্দৰ্ভত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰে অসম চৰকাৰৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক । বৈঠকৰ অন্তত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, অসম-অৰুণাচল সীমা সমস্যা শীঘ্ৰে সমাধন হোৱাৰ পথত (Assam Arunachal border dispute) ।
Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ
মৰিয়নি বিতৰ্কত ৰাজহুৱাভাৱে ক্ষমা খুজিলে শংকৰদেৱ সংঘই । ক্ষমা খোজাৰ পাছতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ কৰিলে টাইপাই (TAYPA withdrawal Charaideu District bandha) ।
Pathetic condition of government schools: জোনাইৰ বহুকেইখন বিদ্যালয়ত জৰাজীৰ্ণ কোঠাতে চলিছে পাঠদান
ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেবাখনো চৰকাৰী বিদ্যালয়ত এতিয়া জৰাজীৰ্ণ কোঠাতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে (Pathetic condition of government schools) ৷ জোনাইৰ ২নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, চৌৰাংশী বড়ো প্ৰাথমিক বিদ্যালয় আৰু নলিনি পাম প্ৰাথমিক বিদ্যালয়ত নাই কোনো শৈক্ষিক আন্তঃগাথঁনি । খোৱাপানীৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চৰ অভাৱৰ লগতে উল্লেখিত বিদ্যালয়সমূহত অভাৱ প্ৰয়োজনীয় বিষয় শিক্ষকৰো ৷