১০ বাৰকৈ এভাৰেষ্ট আৰোহণ কৰি অভিলেখ গঢ়িলে নেপালী লাকপাই
এভাৰেষ্ট আৰোহণৰ কথা আপুনি নিশ্চয় শুনিছে । এই দুঃসাহসিক অভিযান সকলোৰে বাবে সম্ভৱ নহয় । কিন্তু এবাৰ দুবাৰ নহয় ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰাটো এজন লোকৰ বাবে সম্ভৱনে ? তাকো এগৰাকী মহিলা ৷ কিন্তু এইয়া সত্য ৷ এগৰাকী নেপালী মহিলাই ১০ বাৰকৈ এভাৰেষ্টত আৰোহণ কৰি অভিলেখ গঢ়িছে (Sherpa woman climbs Everest for 10th times)।
Ranil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ?
সংকটৰ মাজতে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। দেশখনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৱিক্ৰমসিংঘে সক্ষম হ'ব নে নহয় তাক লৈ বৰ্তমান দেশখনত চৰ্চা চলিছে । চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে বেলআউট পেকেজৰ আলোচনা কৰিছে ।
গোলাঘাটত পূজাৰ প্ৰসাদ খাই চিকিৎসাধীন 14 গৰাকী
গোলাঘাটত অঘটন ৷ গোলাঘাট নগৰৰ 6 নং ৱাৰ্ডৰ বেঙেনাখোৱা যজ্ঞেশ্বৰ দত্তৰ ঘৰত আয়োজন কৰা পূজাৰ প্ৰসাদ সেৱন কৰি অসুস্থ হৈ পৰিছে কেইবাজনো লোক(Golaghat Food poisoning case) ৷ ইয়াৰ ভিতৰত আছে 5 টা শিশু ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন
ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ (AMSSU protest across the state against price hike) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷
ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ
শত্ৰুপক্ষৰ সন্মুখত আন এক প্ৰত্যাহ্বান । এতিয়াৰে পৰা ভাৰতে অতি দূৰত্বত থকা শত্ৰুকো আক্ৰমণ কৰিব পাৰিব । Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলেৰে আক্ৰমণ কৰিব পাৰিব ভাৰতে (BrahMos air launched Missile from Su 30 MKI fighter aircraft)। শেহতীয়া এক পৰীক্ষণৰ পাছতে দেশজুৰি বায়ু সেনাক প্ৰশংসা ।