খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন
মধ্যপ্ৰদেশৰ খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন(Curfew relaxed in Khargone) ৷ এই সময়চোৱাত খুলিব পাৰিব পেট্ৰ’ল পাম্পসমূহ(Petrol pumps allowed to open in Khargone) ৷ বিপৰীতে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠানসমূহ ৷ খাৰগোনৰ উপ-বিভাগীয় দণ্ডাধীশ মিলিন্দ ধোকে মঙলবাৰে নিশা এই বিষয়ে সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷ যাত্ৰীবাহী বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো শিথিল কৰা হৈছে নিৰ্দেশনা ৷
চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণেৰে হোজাইত বিধ্বংসী অগ্নিকাণ্ড
মঙলবাৰে নিশা হোজাই চহৰৰ উত্তৰ বিদ্যানগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ তথ্য অনুসৰি, চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডটো (Cylinder explosions in Hojai) । তাৰপাচতে জুইৰ লেলিহান শিখাই পলকতে ছানি ধৰে দুটাকৈ বাসগৃহ । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ (Cylinder blast in Hojai) ৷
কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি
অসমীয়া আৰু বঙালী ভাষী লোকৰ সংঘাতৰ মাজতে কলকাতাৰ এটা সমাজ সচেতন পৰিয়ালে দেখুৱাইছে এক অনবৈদ্য নিদৰ্শন ৷ কলকাতাৰ সমীপৰ দক্ষিণ 24 পৰগণাৰ পিয়ালিৰ সমাজকৰ্মী লক্ষণ চক্ৰৱৰ্তীয়ে তেখেতৰ প্ৰয়াত মাতৃৰ শেষ ইচ্ছা অনুসৰি, নিজ বাসগৃহৰ সৈতে সংলগ্ন থকা এডোখৰ ভূমি নামঘৰসহ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ স্থাপনৰ বাবে দান কৰে (A Bengali family donates land for setting up of Namghar in Kolkata) ।
টোলগেট নে মৰণফাণ্ড; মুকলিৰ দিশে চুলুং টোলগেট
পূৰ্বতকৈ আৰু অধিক টোলটেক্স দিবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো অসমত নিৰ্মীয়মান অৱস্থাত আছে আকৌ এখন নতুন টোলগেটৰ কাম ৷ যুদ্ধংদেহী ৰূপত এতিয়া তেজপুৰ সংযোগী পথৰ চুলুঙৰ এই টোলগেট (New Tool Gate at Kaliabor) ৷ শীঘ্ৰে মুকলি হ’ব এই টোলগেট ৷
কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছয়হীয়া শিশুৰ মৃতদেহ
পবিত্ৰ ঈদ-উল-ফিতৰৰ দিনাই লখিমপুৰত অঘটন ৷ জিলাখনৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপতে থকা এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত প্ৰায় ছমহীয়া এটি শিশুৰ মৃতদেহ (A child dead body recovered in Lakhimpur) ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷