জনীয়া,২৫ মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত জনীয়া সমষ্টিৰ আন দলৰ প্ৰাৰ্থীসকলৰ দৰে তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰো কোনো গুণে পিছ পৰি থকা নাই । জনীয়া চাৰিআলি চ'কত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এক সভাৰ আয়োজন কৰা হয় । সমাজ সচেতক আব্দুল ছামাদৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে তৃণমূল কংগ্ৰেছৰ জনীয়া সমষ্টি কমিটিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে ।
উক্ত সভাত জনীয়া বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰে ভাষণত সম্প্ৰতি একাংশ দলীয় নেতাৰ বক্তব্যত সততে শুনিবলৈ পোৱা হিন্দু-মুছলমান, সংখ্যালঘু-সংখ্যাগুৰুৰ প্ৰাচীৰ আঁতৰ কৰি ঐক্য শান্তি আৰু সম্প্ৰতিৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।