জনিয়া,24 জুনঃ বৰপেটা জিলাৰ জনিয়াত প্ৰতিদিনে কৰা বনৰজাৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক । জনিয়া সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ মুক্তাৰ হুছেইন নামৰ লোকজনৰ ঘৰত মঙলবাৰে দুটাকৈ বাঘে মুক্ত বিচৰণ কৰে । লোকজনে প্ৰথমাৱস্থাত নিজৰ চাৰিচকীয়া বাহনখনেৰে বাঘটোক ভয় খুৱাবলৈ চেষ্টা চলায় । কিন্তু বাঘটোৱে গাড়ীৰ পোহৰত কাষৰ মৰাপাট খেতিলৈ সোমাই যায় ।
জনিয়াৰ ৰামপুৰত বনৰজাৰ আতংক - জনিয়াত বাঘৰ আতংক
জনিয়া সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ মুক্তাৰ হুছেইন নামৰ লোকজনৰ ঘৰত মঙলবাৰে দুটাকৈ বাঘে মুক্ত বিচৰণ কৰে । এই সন্দৰ্ভত ইতিমধ্যে বন বিভাগত অৱগত কৰিছে লোকজনে ।
জনিয়াৰ ৰামপুৰত বনৰজাৰ আতংক
আনহাতে, এই সমগ্ৰ দৃশ্য নিজৰ ম'বাইল কেমেৰাত আবদ্ধ কৰি ৰাখে মুক্তাৰ হুছেইনে । পৰৱৰ্তী সময়ত এই সন্দৰ্ভত তেখেতে বন বিভাগৰ উপৰিও প্ৰশাসনক অৱগত কৰে । অতি শীঘ্ৰে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগত আহ্বান জনাইছে স্থানীয় ৰাইজে । অৱশ্যে এইটো প্ৰকৃততে বাঘ হয় নে নহয় সেইয়া বন বিভাগে চিনাক্ত কৰাৰ পিছতহে পোহৰলৈ আহিব ।
লগতে পঢ়ক-বাঘজানত উপস্থিত ভাৰত চৰকাৰৰ প্ৰেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ