জনিয়া, 14 এপ্ৰিল :বহাগৰ আৰম্ভণিতে কলগাছিয়া অঞ্চলত বৰদৈচিলাৰ আগমন । গৰু বিহুৰ সন্ধিয়া 7.30 বজাত অহা এজাক ধুমুহা আৰু শিলা বৃষ্টিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে (Thunderstorm shook Kalgachia) ৷
জিলাখনৰ খৰিচলা, হালধীয়া, মনাকচা, দেওকুৰা, বিলৰটাৰি, বলাইপথাৰ, আমগুৰি, সুঁতিৰপথাৰ, চানপুৰ, কালামপুৰ, বালিকুৰি, ৰুভী, আদিৎপুৰ, কলগাছিয়া, গুনিয়ালগুৰী আদিৰ লগতে বঙাইগাঁও জিলাৰ দাঁতি কাষৰীয়া অঞ্চল বৰদৈচিলাৰ কৱলত ঘৰ-দুৱাৰ, গছ-গছনি, প্ৰকাণ্ড প্ৰকাণ্ড হুডিং ভাঙি চিঙি চুৰমাৰ কৰে (Heavy storm lashes Kalgachia) ৷