বৰপেটা, ২৪ এপ্ৰিল: এফালে লক ডাউন,আনফালে প্ৰকৃতিৰ তাণ্ডৱত দিশহাৰা বহু লোক ৷ ৰাজ্যত বিগত কেইদিনমান ধৰি অব্যাহত আছে ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ৷ বৰপেটাৰ ফুলগুৰি গাঁৱত যোৱা নিশা অহা ধুমুহাত নৃপেন নাথ নামৰ লোকজনৰ বাসগৃহ বিধ্বস্ত হৈ পৰাৰ পিচত দিশহাৰা হৈছে পৰিয়ালটো ৷ নিজৰ আপোন ঘৰখন ধুমুহাত তচনচ হৈ পৰাত এতিয়া কান্দোনত ভাঙি পৰিছে মহিলাগৰাকী ৷
বৰপেটাত নিশা ধুমুহাৰ তাণ্ডৱ - মহিলাগৰাকী
লক ডাউনৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোৱে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ পাছত চৰকাৰৰ লগতে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ পৰা বিচাৰিছে সহায় ।
বৰপেটাত নিশা ধুমুহাৰ তাণ্ডৱ
ইতিমধ্যে লক ডাউনৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোৱে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ পাছত চৰকাৰৰ লগতে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ পৰা বিচাৰিছে সহায় ।
লগতে পঢ়ক : ডিব্ৰুগড়ৰ বগপৰা চাহ বাগিছাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল