অসম

assam

By

Published : Sep 26, 2022, 4:58 PM IST

Updated : Sep 26, 2022, 10:25 PM IST

ETV Bharat / state

হাঁহচৰাৰ কেবাটাও ব্যক্তিগত পুখুৰীত বিহ প্ৰয়োগৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে

হাঁহচৰা শিংৰা বিল মহলটো ডাকত ল’বলৈ বৰপেটাৰ হাঁহচৰাৰ একাংশ যুৱকে চলাইছে গুণ্ডাৰাজ ৷ একেটা অঞ্চলৰ তিনি যুৱকে হাঁহচৰা বিলৰ সমীপৰ একাংশ ব্যক্তগত পুখুৰীত বিহ প্ৰয়োগৰ অভিযোগ স্থানীয় লোক (Three youths accused of treating poison in many private ponds) ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছামচুল হক, জিয়াৰুল ইছলাম আৰু ছাইফুল ইছলামৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৰুজু কৰা হৈছে গোচৰ ৷

Etv BharatAccused of treating poison in many private ponds
হাঁহচৰাৰ কেবাটাও ব্যক্তিগত পুখুৰীত বিষ প্ৰয়োগৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে

বৰপেটা, 26 ছেপ্টেম্বৰ :বৰপেটাৰ হাঁহচৰাত একাংশ যুৱকৰ গুণ্ডাৰাজ ৷ তিনি যুৱকে হাঁহচৰা বিলৰ সমীপৰ একাংশ ব্যক্তিগত পুখুৰীত বিহ প্ৰয়োগৰ অভিযোগ স্থানীয় লোকৰ ৷ একেটা অঞ্চলৰে ছামচুল হক, জিয়াৰুল ইছলাম আৰু ছাইফুল ইছলাম নামৰ যুৱককেইজনৰ বিৰুদ্ধে উঠিছে এই অভিযোগ (Three youths accused of treating poison in many private ponds) ৷

অভিযোগ অনুসৰি, দেওবাৰে নিশা হাঁহচৰা বিলৰ সমীপৰ ব্যক্তিগত পুখুৰীত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি যুৱককেইজনে পুখুৰীৰ মাছবোৰ বিললৈ লৈ গৈ আছে ৷ বিশেষকৈ পুখুৰীত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰাৰ পিচতে পুখুৰীৰ মাছবোৰ চৰকাৰী বিললৈ গুছি যোৱাৰ লগতে বিষক্ৰিয়া হৈ বহু মাছৰ মৃত্যুও হৈছে ৷ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছে মৎস্য পালকসকল ৷

ব্যক্তিগত পুখুৰীত বিহ প্ৰয়োগৰ অভিযোগ

স্থানীয় লোকে অভিযোগ কৰা মতে, গাঁওখনৰ বিপুল আহমেদ, ছামাদ আলী, মেহেৰ আলী, ইয়াছিন আলী, কাছেম আলী, লাল মিঞা, ছবুৰ আলী, কৰিম আলী আদিকে ধৰি হাঁহচৰা গাঁৱৰ ৩৫ টা পুখুৰীত বিহ প্ৰয়োগৰ ফলত মাছৰ মৃত্যু হৈছে ৷ স্থানীয় লোকৰ অভিযোগ, ছামচুল হক, জিয়াৰুল ইছলাম আৰু ছাইফুল ইছলাম আদিয়ে হাঁহচৰা শিংৰা বিল মহলটো ডাকত ল’বলৈ চেষ্টা চলাই আছে ৷

যাৰ বাবে অধিক লাভৰ বাবে বিলৰ কাষৰ ব্যক্তিগত পুখুৰীত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰিছে অভিযুক্ত যুৱককেইজনে ৷ উল্লেখ্য যে, স্থানীয় লোকে ইতিমধ্যে ছামচুল হক, জিয়াৰুল ইছলাম আৰু ছাইফুল ইছলামৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :অসম সাহিত্য সভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী

Last Updated : Sep 26, 2022, 10:25 PM IST

ABOUT THE AUTHOR

...view details