বৰপেটাৰোড, 1 আগষ্ট : আজি পৱিত্ৰ ঈদ উজ জোহা ৷ আজিৰ এই দিনটোতে এবিএমছুৰ সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক দিন দুপৰতে গুলীয়াই নিৰ্মমভাৱে হত্যা কৰিছিল ৷ এক বলিষ্ঠ সংগ্ৰামী কণ্ঠৰ গৰাকী ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ মৃত্যুৰ দিনটো এবিএমছুৰ কেন্দ্ৰীয় সমিতিয়ে ছাত্ৰ সংহতি দিৱস হিচাপে ঘোষণা কৰিছিল ।
লাফিকুল ইছলামৰ হত্যাকাণ্ড ইছলাম ধৰ্মাৱলম্বী লোকৰ ত্যাগৰ উৎসৱ ঈদ-উল-আজহা অৰ্থাৎ আনন্দৰ দিন । আজি এই ঈদৰ আনন্দতকৈ বীৰজনৰ বাবে অধিক বেদনাইহে বিৰাজ কৰিছে ছাত্ৰ সংগঠনটোৰ মাজত। তিনি বছৰ অতিক্ৰম হ'ল যদিও ছাত্ৰ নেতাজনৰ হত্যাকাণ্ড সন্দৰ্ভত পৰিয়ালে কোনো ন্যায় নাপালে । ছাত্ৰ নেতাজনক হত্যাকাণ্ডৰ সময়ত বিটিচিত শাসন কৰা বিপিএফৰ চৰকাৰ আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোক প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই হত্যাকাণ্ডৰ তিনিবছৰ উকলিল যদিও ইয়াৰ লগত জড়িত কোনো দুৰ্বৃত্ত গ্ৰেপ্তাৰ নহ'ল ৷ পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ এচ আই টি গঠন কৰি স্কেছ আৰ্টিছ আনিও হত্যাকাৰীক অংকণ কৰিছিল চৰকাৰে । কিন্তু বৰ্তমানলৈকে হত্যাকাৰী চিনাক্তকৰণেই নহ'ল ৷
বিটিএডি তথা অসমৰ প্ৰায়বোৰ দল-সংগঠনৰ লগতে সৰ্বস্তৰৰ জনগণৰ ব্যাপক গণ আন্দোলনৰ ফলত অৱশেষত গোচৰটো চিবিআইক অৰ্পণ কৰিছিল । কিন্তু আজি 3 বছৰ অতিক্ৰম কৰাৰ পিছতো চি বি আইয়েও হত্যাকাৰীক নেতাগৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো দুৰ্বৃত্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে ঈদৰ দিনা এবিএমছুৰ শালবাৰী জিলা সমিতিয়ে পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল কৰি তোলে। পশ্চিম খাৰিজা বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শালবাৰী জিলা সমিতিৰ সহযোগত বাগছা-বৰপেটা সংযোগী পথ চুক্ৰুংবাৰী বজাৰৰ কাষত সমদল কৰি হাতে হাতে প্লে-কাৰ্ড লৈ পথ অৱৰোধ কৰে ৷ পথ অৱৰোধস্থলীত প্ৰয়াত ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত মোনাজাত কৰি দোৱা বিচাৰে ৷
উল্লেখযোগ্য যে,2017 চনৰ 1 আগষ্টত কোকৰাঝাৰ জিলাৰ ওচৰৰ তিতাগুৰীত এখন টাইলচৰ দোকানত আবেলি প্ৰায় 4.25 বজাত 12 জাই গুলীৰে দুৰ্বৃত্তই থকা-সৰকা কৰি হত্যা কৰিছিল নেতাগৰাকীক। আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খন্দকাৰ, উপ-সভাপতি নজৰুল ইছলাম,মুখ্য সাংগঠনিক সম্পাদক মিল্টন আলী,সাংগঠনিক সম্পাদক কলিম উদ্দিন (মিন্টু) ,শিক্ষা সম্পাদক ছফিউৰ ৰহমান, পশ্চিম খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সভাপতি ৰাফিজুল ইছলামকে আদি কৰি কেইবাজনো নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক :তিনি তালাক আইনৰ বৰ্ষপূৰ্তি : মুছলিম মহিলাৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰীৰ