বৰপেটা ২৫ জুলাই : আটকাধীন হত্যাকাৰী জয়নুদ্দিন আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষীয়ে এক অভিযান চলাই গুৱাহাটী কটাহবাৰীৰ ভাৰাঘৰৰ পৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ২২জুলাইত মৃত অৱস্থাত উদ্ধাৰ হোৱা আবু শ্বামা আলী নামৰ চালকজনক কৰা এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত তিনি অভিযুক্ত হ'ল ক্ৰমে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীৰ জীতেন আলী,বৰপেটা জিলাৰ কলগাচিয়াৰ বালিকুৰিৰ শ্বহিদুল আলী আৰু কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ সোণগুৰিৰ ইউনুচ আলী ।
সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী - সম্প্ৰতি
সৰ্থেবাৰী আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হ'ল এজন চালকৰ হত্যাকাণ্ডৰ লগত জড়িত আৰু তিনি অভিযুক্ত । উল্লেখ্য যে যোৱা ২২ জুলাইত সৰ্থেবাৰীৰ আমৃখোৱা চিনাদি পথৰ মৰা চাউলখোৱাত উদ্ধাৰ হৈছিল এগৰাকী চালকৰ মৃতদেহ । আবু শ্বামা আলী নামৰ চালকজনৰ হত্যাকাণ্ডত লগত জড়িত জয়নুদ্দিন আলী নামৰ এটা হত্যাকাৰীক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল সৰ্থেবাৰী আৰক্ষীয়ে ।
![সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী three-murderer-arrested-at-sarthebari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8167738-706-8167738-1595668888410.jpg)
সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী
সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী
হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত তিনি মূল অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে । ইতিমধ্যে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত মুঠ চাৰিটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিলে সৰ্থেবাৰী আৰক্ষীয়ে । সাত জনীয়া দুৰ্বৃত্তৰ দলে সংঘটিত কৰা এই হত্যাকাণ্ডক লৈ সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে চাওকঃ ড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা