জনীয়া,23 মে': বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটাত শনিবাৰে নিশা তিনিশ বস্তা চোৰাং চাউলসহ এখন ট্ৰাক জব্দ কৰে স্থানীয় লোকে ৷ PB-11-CJ-9961 নম্বৰৰ ট্ৰাকখনত ছনদীপ সিং নামৰ চালকজনে চাউলখিনি চিকনী অঞ্চলৰ পৰা বঙাইগাঁওলৈ লৈ যোৱাৰ সময়ত স্থানীয় লোকে আবদ্ধ কৰি ৰাখে ৷ পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকসহ চাউলখিনি থানালৈ লৈ যায় ৷
কলগাছিয়াত ট্ৰাকসহ জব্দ তিনিশ বস্তা চাউল
কলগাছিয়াৰ বৰভিটাত ট্ৰাক সহ তিনিশ বস্তা চৰকাৰী চোৰাং চাউল জব্দ কৰে স্থানীয় ৰাইজে । অন্ন সুৰক্ষা যোজনাৰ হিতাধিকাৰীৰ বাবে অহা চৰকাৰী চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
কলগাছিয়াত ট্ৰাকসহ জব্দ তিনিশ বস্তা চাউল
উল্লেখ্য যে, সম্প্ৰতি চাউলখিনিৰ গৰাকী কোন সেয়া জানিব পৰা হোৱা নাই যদিও দক্ষিন তিতাপানী সমবায় সমিতিৰ অন্ন সুৰক্ষা যোজনাৰ হিতাধীকাৰীৰ চৰকাৰী চাউল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে বৰভিটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:৬০ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ