অসম

assam

By

Published : May 23, 2021, 10:05 PM IST

ETV Bharat / state

ব্ৰাউন চুগাৰসহ বৰপেটাত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক

সমগ্ৰ ৰাজ্যতে ড্ৰাগছ ব্যৱসায়ীৰ চক্ৰৰ বিৰুদ্ধে উঠি পৰি লাগিছে অসম আৰক্ষী ৷ দেওবাৰে বৰপেটা জিলাৰ পৰা আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ আটক কৰিলে তিনিজনক ৷

three-drug-peddler-arrested-in-barpeta
নিষিদ্ধ ব্ৰাউন চুগাৰসহ বৰপেটাত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক

বৰপেটা ২৩ মে’: ৰাজ্যত শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে উঠি পৰি লাগিছে অসম আৰক্ষী ৷ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ দেওবাৰে, ব্ৰাউন চুগাৰসহ বৰপেটাত আৰক্ষীয়ে তিনিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷

নিষিদ্ধ ব্ৰাউন চুগাৰসহ বৰপেটাত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক

ধৃত ড্ৰাগছ ব্যৱসায়ী তিনিটা হাইদৰ আলী, নজৰুল হক আৰু মহিদুল আলী বুলি জানিব পৰা গৈছে । ইয়াৰে, হাইদৰ আলীৰ ঘৰ পকদ বিল পথাৰ আৰু আন দুজনৰ ঘৰ বাৰামাৰা গাঁৱত ৷

উল্লেখ্য যে, বৰপেটাৰ সমীপৰ শিলাত আৰক্ষীয়ে অভিযান চলাই এখন চুইফ্ট ডিজায়াৰ গাড়ীত ড্ৰাগছ কঢ়িয়াই অনা অৱস্থাত তিনিওকে আটক কৰে ৷ জিলাখনৰ সৰ্থেবাৰীৰ বাৰামাৰা গাঁৱৰ পৰা ড্ৰাগছসমূহ শিলাত বিক্ৰীৰ বাবে অনা হৈছিল বুলি জানিব পৰা গৈছে ৷

নিষিদ্ধ ব্ৰাউন চুগাৰসহ বৰপেটাত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক

আনহাতে, বৰপেটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৮. ৯ গ্ৰাম ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী তিনিটাক আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে, এই তিনি ব্ৰাউন চুগাৰ ব্যৱসায়ীৰ পৰা বৰপেটা আৰক্ষীয়ে এএছ ০১ এ কিউ ৬৮৮৭ নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ গাড়ীও জব্দ কৰিছে ৷

লগতে পঢ়ক :৫ টা গৰুসহ বৰপেটাত দুই চোৰাং গৰু বেপাৰী আটক

ABOUT THE AUTHOR

...view details