বৰপেটাৰোড, 9 জানুৱাৰী :বৰপেটাৰোডত ব্যৱসায়ীৰ বুকুত অস্ত্ৰ থৈ 50 হাজাৰ টকা লুটি নিয়া তিনি দুৰ্ধৰ্ষ ডকাইতক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে (3 dacoits arrested related in Barpeta road robbery) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ ডকাইত তিনিটা ক্ৰমে শ্ৰীধৰ মণ্ডল, আবু তাহেৰ আৰু খুচী সূত্ৰধৰ ৷
ধৃত ডকাইত তিনিটাৰ পৰা এট পিস্তল, তিনি জাঁই সজীৱ গুলী, মোবাইল ফোন আৰু নগদ 26,500 টকা আৰক্ষীয়ে উদ্ধাৰ কৰে (Barpeta road loot case) ৷ ধৃত ডকাইত শ্ৰীধৰ মণ্ডলৰ ঘৰ বৰপেটাৰোডৰ বালাভিঠাত । শ্ৰীধৰক নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে, আবু তাহেৰ নামৰ ডকাইতটোৰ ঘৰ বৰপেটাৰোডৰ চেঙেলীয়াত ৷ ইফালে খুচী সূত্ৰধৰৰ ঘৰ বৰপেটাৰোডৰ কলহভাংগাত ৷ এই দুয়োটা ডকাইতক বৰপেটাৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (robbery in Barpeta road hardware shop) ৷
উল্লেখ্য যে, ধৃত ডকাইত তিনিটাই চলিত মাহৰ 6 জানুৱাৰীৰ সন্ধিয়া বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ সাহাৰ পুত্ৰ দীপাংকৰ সাহা ওৰফে ডিম্পল সাহাৰ কলহভাংগাস্থিত ৰাধে কৃষ্ণ হাৰ্ডৱেৰত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰি গুলী ফুটাই ব্যৱসায়ীজনৰ বুকুত পিস্তল আৰু ডেগাৰ থৈ লুট কৰি নিছিল 50 হাজাৰ টকা ৷
বৰপেটাৰোড আৰক্ষীয়ে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত চলাই এই দুৰ্ধৰ্ষ ডকাইতকেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইপিনে এই ডকাইতি কাণ্ডত আন চাৰিজন লোক জড়িত থকা বুলি বৰপেটাৰোড আৰক্ষীয়ে তথ্য লাভ কৰিছে । অৱশ্যে উক্ত ডকাইতকেইটা সম্প্ৰতি পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷