অসম

assam

By

Published : Sep 27, 2020, 9:32 AM IST

Updated : Sep 27, 2020, 11:36 AM IST

ETV Bharat / state

ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ

three dacoit arrested with arms
three dacoit arrested with arms

09:17 September 27

ডকাইতি কৰিবলৈ আহি চোপ লৈ থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে আটক কৰে তিনিটা ডকাইত ৷ জব্দ সজীৱ গুলিসহ পিষ্টল ৷ এই অভিযানৰ মাজতে চাৰিচকীয়া বাহনসহ আন তিনিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলায় সাৰে ৷ পলায়ন কৰা ডকাইত কেইটাৰ সন্ধানত আৰক্ষীৰ অভিযান চলায় যদিও ডকাইত কেইটাক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ

বৰপেটা, ২৭ ছেপ্টেম্বৰ : বৃহৎ ডকাইতি কাণ্ডৰ পৰা ৰক্ষা পৰিল বৰপেটা ৷ বৰপেটাৰ ভেল্লাত পিষ্টলসহ আৰক্ষীৰ জালত পৰিল তিনি দুৰ্ধৰ্ষ ডকাইত ৷ শনিবাৰে নিশা ডকাইতি সংঘটিত কৰাৰ উদ্দেশ্যৰে বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী পথৰ ভেল্লাত ৰাজপথত চোপ লৈ থকা অৱস্থাত অভিযান চলায় ডকাইত তিনিটাক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷ ডকাইত তিনিটাৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচ জাই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷  

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৰপেটা সদৰ থানাৰ উপ আৰক্ষী অধীক্ষক মদন কলিতা আৰু ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত অভিযান চলায় শনিবাৰে নিশা ডকাইত তিনিটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত ডকাইত কেইটা নলবাৰী জিলাৰ মুকালমুৱাৰ থানাৰ অন্তৰ্গত দৰঙীপাৰা গাঁৱৰ চহৰ আলী, আব্বাছ আলী আৰু ভাংনামাৰী আৰক্ষী চকীৰ অন্তৰ্গত কালাচৰ গাঁৱৰ ছাদ্দাম হুছেইন ৷

ইপিনে বৰপেটা আৰক্ষীৰ এই অভিযানৰ মাজতে চাৰিচকীয়া বাহনসহ আন তিনিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলায় সাৰে ৷ পলায়ন কৰা ডকাইত কেইটাৰ সন্ধানত আৰক্ষীৰ অভিযান চলায় যদিও ডকাইত কেইটাক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ গাড়ী চুৰি, এ টি এম চুৰি আদিকে ধৰি বহু বহু অপৰাধ জনিত ঘটনাত জড়িত ডকাইতৰ দলটোৰ পলায়ন কৰা সদস্যকেইজনৰ পৰিচয় উদ্ধাৰ কৰিছে যদিও তেওঁলোকৰ বিষয়ে সবিশেষ জনোৱাৰ পৰা বিৰত আছে আৰক্ষী ৷ ভেল্লাৰ ৰাজপথত পিষ্টলসহ নিশা তিনিটাকৈ ডকাইট গ্ৰেপ্তাৰৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত

Last Updated : Sep 27, 2020, 11:36 AM IST

ABOUT THE AUTHOR

...view details