অসম

assam

ETV Bharat / state

কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক তিনি প্ৰৱঞ্চক - Three arrested for allegedly looting money

অতি কৌশলেৰে মহিলাৰ এটিএম সালসলনি কৰি প্ৰৱঞ্চকে লুটি নিছিল ধন ৷ বৰপেটাত মহিলাই হাতে লোটে কৰায়ত্ত কৰিলে বহিঃৰাজ্যৰ তিনি প্ৰৱঞ্চকক ৷ প্ৰৱঞ্চক দলটোৰ পৰা উদ্ধাৰ পেটিএম মেচিন, ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু এখন চাৰিচকীয়া বাহন (Three arrested for allegedly looting money from women bank accounts in Barpeta)৷

three-people-arrested-for-loot-money-from-womens-accounts-in-barpeta
কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক তিনি প্ৰৱঞ্চক

By

Published : Apr 5, 2022, 10:19 PM IST

বৰপেটা, ৫ এপ্ৰিল :বৰপেটা চহৰত ATM সমূহত ধন উলিওৱাৰ সময়ত কৌশলেৰে গ্ৰাহকৰ ডেবিট কাৰ্ড সলনি কৰি ধন লুট কাৰ্যত জড়িত প্ৰৱঞ্চকৰ দলক আটক ৷ এগৰাকী ভূক্তভোগী মহিলাই স্থানীয় লোকৰ সহযোগত বৰপেটাৰ পাঁচ আলি চ'কত আটক কৰিলে বহিঃৰাজ্যৰ তিনিজনীয়া প্ৰৱঞ্চকৰ দলটোক (TThree arrested for allegedly looting money from women bank accounts in Barpeta) ৷

কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক তিনি প্ৰৱঞ্চক

ধৃত প্ৰৱঞ্চক কেইটা দিল্লীৰ চুলতানপুৰীৰ মুকেশ, গোবিন্দ সিং আৰু হাৰিয়ানাৰ চান্নি বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ পাঁচ আলি চ'কত দীপা শইকীয়া তালুকদাৰ নামৰ মহিলাগৰাকীয়ে স্থানীয় লোকৰ সহযোগত বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলটোক আটক কৰি চমজাই দিয়ে বৰপেটা আৰক্ষীক ৷

উল্লেখ্য যে, বৰপেটা চহৰত দীৰ্ঘদিন ধৰি এই প্ৰৱঞ্চক কেইটাই এটিএম সমূহত নজৰ ৰাখি প্ৰৱঞ্চনাৰে লুটি আহিছিল ধন ৷ একপ্ৰকাৰে এই প্ৰৱঞ্চক কেইটাই বৰপেটা চহৰত যেন সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ এনে কাৰ্য সংঘটিত কৰি অহা বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলটোক অৱশেষত কৰায়ত্ত কৰিলে বৰপেটা উন্নয়ন খণ্ডৰ কৰ্মচাৰী দীপা শইকীয়া তালুকদাৰ নামৰ এগৰাকী মহিলাই ৷ সম্প্ৰতি মহিলাগৰাকীৰ এনে কাৰ্যত সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷

কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক তিনি প্ৰৱঞ্চক

জানিব পৰা মতে, বৰপেটা উন্নয়ন খণ্ডৰ কৰ্মচাৰী দীপা শইকীয়া তালুকদাৰ নামৰ মহিলাগৰাকীৰ পৰা সোমবাৰে ডেবিট কাৰ্ডৰ সালসলনি কৰি প্ৰৱঞ্চকৰ দলটোৱে বৰপেটাৰ পাঁচআলি চ'কৰ SBI ৰ এটিএমৰ পৰা প্ৰৱঞ্চনাৰে উলিয়াই নিছিল ৩০ হাজাৰ টকা ৷ পিছে মঙলবাৰে প্ৰৱঞ্চকৰ দলটোৰ ভাগ্য সুপ্ৰসন্ন নাছিল ৷ যাৰ বাবে নতুন চিকাৰৰ সন্ধানত থকা প্ৰৱঞ্চকৰ দলটো ভূক্তভোগী মহিলাগৰাকীৰ হাততে আটক হ'বলগীয়া হয় ৷ কথাতে কয় বোলে এশ গৰু খালে বাঘৰো মৰণ ৷ অৱশেষত প্ৰৱঞ্চকৰ দলটোৰ ক্ষেত্ৰতো যেন সেয়াই হ'ল ৷

লগতে পঢ়ক :হায়দৰাবাদত 'Most Wanted' চোৰ মুচুক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details