বৰপেটা, ২২ জুন: মঙলবাৰে বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিল ট্ৰাক হাইজেক কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত । ২০২০ চনৰ ১৫ জুনত সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেকৰ ঘটনা সংঘটিত হৈছিল । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্ব আৰক্ষীৰ দলে অভিযান চলাই মংঙলবাৰে পুৱতি নিশা আটক কৰে তিনিও অভিযুক্তক । ধৃত তিনি অভিযুক্ত ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিম পাৰাৰ আৰফান খান, চুৰফান খান আৰু ৰৌছান খান ।
উল্লেখ্য যে, ২০২০ চনৰ ১৫ জুনত মাজদিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ট্ৰাক হাইজেক কাণ্ড । এই ঘটনাৰ পাছৰে পৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ট্ৰাক হাইজেকত অভিযুক্ত ধৃত ব্যক্তিকেইজন । গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এচ ০১-এইচ চি- ৪০৯০ (AS01-HC- 4090)নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল দুৰ্বত্তৰ দলে । ২০২০ চনৰ ১৫ জুনত মাজদিয়া আৰক্ষীয়ে মাজদিয়াত উদ্ধাৰ কৰিছিল হাইজেক হোৱা ট্ৰাকখন ।