অসম

assam

ETV Bharat / state

বহৰি-বাঘবৰ মথাউৰিয়ে বৰপেটালৈ কঢ়িয়াইছে ভাবুকি

দীঘিৰপামৰ তিনি শতাধিক পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে । ইপিনে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ লগে লগে বহৰি অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে বহৰি-বাঘবৰ মথাউৰিয়ে ।

By

Published : Jul 17, 2019, 11:59 AM IST

বহৰি-বাঘবৰ মথাউৰিয়ে বৰপেটালৈ কঢ়িয়াইছে ভাবুকি

বৰপেটা, ১৭ জুলাই :বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া বৃহত্তৰ বহৰি,বাঘবৰ আদি অঞ্চলত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। মঙলবাৰে নিশা বাঘবৰৰ দীঘিৰপাম অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে বহৰি-বাঘবৰ মথাউৰি। বহৰিৰ ওচৰে পাজৰে বহৰি-বাঘবৰ মথাউৰিৰে ঠায়ে ঠায়ে নিগৰি আছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁত। ডক্ৰেশ্বৰ,ভোগেৰপাৰৰ লগতে ফুলবাৰী,মাদ্ৰাছা আদি স্থানত মথাউৰিৰ তলেৰে ধাৰাষাৰে বৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁত। ইপিনে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে বহৰি অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে বহৰি-বাঘবৰ মথাউৰিয়ে।

বহৰি-বাঘবৰ মথাউৰিয়ে বৰপেটালৈ কঢ়িয়াইছে ভাবুকি

ইপিনে মথাউৰিটো ৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ লগতে স্থানীয় লোকে প্ৰাণপণ চেষ্টা অব্যাহত ৰাখিছে যদিও বিভাগীয়ভাৱে পৰ্যাপ্ত সামগ্ৰী যোগানত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷ উল্লেখ্য যে বহৰি-বাঘবৰ মথাউৰিটো চিগিলে জলমগ্ন হৈ পৰিব শতাধিক গাঁও । ডুব যাব বৰপেটা চহৰো ৷ ইতিমধ্যে বহৰি অঞ্চলৰ কেবাখনো গাঁও বানৰ কবলত পৰিছে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সোঁতত প্লাৱিত হৈছে বহু লোকৰ ঘৰ দুৱাৰ,সা-সামগ্ৰী বানত ডুব গৈছে ৷ এফালে ব্ৰহ্মপুত্ৰৰ বান আৰু আনফালে নেৰানেপেৰা বৰষুণৰ ফলত বহু লোকেই ঘৰৰ সা-সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ কোনো সুযোগেই নাপালে ৷ ফলত বাঢ়নী পানীত ডুব গৈছে সকলো সা-সামগ্ৰী ৷ ইপিনে বানপীড়িত ৰাইজে এতিয়াও লাভ কৰা নাই সাহাৰ্য সামগ্ৰী ৷ আনকি চেঙাৰ স্থানীয় বিধায়ক শুকুৰ আলী আহমেদে বানপীড়িতৰ কাষত ঠিয় নোহোৱাৰো অভিযোগ তুলিছে বানপীড়িত লোকে ৷ শেহতীয়াভাৱে মাদ্ৰাছা আৰু ফুলবাৰীত বহৰি-বাঘবৰ মথাউৰিটো উটি যোৱাৰ আশংকাত অঞ্চলটোৰ লোকসকলে অন্য স্থানলৈ ঢাপলি মেলিছে ৷

ABOUT THE AUTHOR

...view details