অসম

assam

ETV Bharat / state

চিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তি ? - ব্ৰহ্মপুত্ৰৰ খহনীয়া

ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ দিশে বহৰি সত্ৰ ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বহৰি সত্ৰবাসী ৰাইজৰ ৷ কি হ’ব বহৰি সত্ৰৰ ভৱিষ্যত ? চিৰদিনলৈ নুমাব নেকি ৫৬৮ বছৰে প্ৰজ্বলিত বন্তিগছি ? চৰকাৰলৈ কি আহ্বান সত্ৰ সমিতিৰ ?

threat for bahari satra due to brahmaputra erosion
চিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তিচিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তি

By

Published : Jun 10, 2021, 10:05 PM IST

বৰপেটা, 10 জুন:ক’ভিড প্ৰট'কল মানি সমগ্ৰ ৰাজ্যজুৰি বৃহস্পতিবাৰে পালন কৰা হৈছে মহাপুৰুষ হৰিদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৷ কিন্তু, গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালনৰ সময়তে বহৰি সত্ৰলৈ তীব্ৰ ভাবুকি অহা পৰিলক্ষিত হৈছে ৷ ১৪৫৩ চনতে হৰিদেৱ গুৰুজনাই বহৰিত প্ৰথমখন সত্ৰ স্থাপন কৰি আজিৰ পৰা ৫৬৮ বছৰ পূৰ্বে নিজ হাতে প্ৰজ্বলন কৰা বন্তিগছি আজিও অবিৰত ভাৱে প্ৰজ্বলিত হৈ আছে যদিও এই অক্ষয় বন্তিগছিৰ প্ৰতি ব্ৰহ্মপুত্ৰ নৈয়ে কঢ়িয়াই আনিছে ভাবুকি ৷

বহৰিত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত বহৰি সত্ৰখন সম্প্ৰতি জাহ যোৱাৰ উপক্ৰম হৈছে ৷ মুহূৰ্তৰ ভিতৰতে একোটা বৃহৎ গৰা খহি ব্ৰহ্মপুত্ৰ নৈয়ে সম্প্ৰতি বহৰি সত্ৰখনৰ প্ৰতি ঢাবিত হোৱাৰ ফলস্বৰূপে সত্ৰখনৰ লগতে সত্ৰৰ অক্ষয় বন্তিগছি আৰু গুৰুজনাৰ পদচিহ্ন চিৰদিনলৈ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ সত্ৰখনৰ প্ৰতি ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ভাবুকিৰ পৰা সত্ৰখন ৰক্ষাৰ বাবে আজিলৈকে কোনো এখন চৰকাৰেই কোনোধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে সেয়ে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীলৈ হাতযোৰ কৰি যিকোনো উপায়েৰে হৰিদেৱ গুৰুজনাই স্থাপন কৰা প্ৰধান সত্ৰখনৰ লগতে বহৰি অঞ্চলটো ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

চিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তি

উল্লেখ্য যে, বহৰি সত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াত ইতিমধ্যে বৃহত্তৰ বহৰি অঞ্চলৰ ৭৬ খনকৈ গাঁও নিশ্চিহ্ন হৈছে ৷ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-বাৰী তথা কৃষিভূমি খহনীয়াত জাহ যোৱাৰ পাচত সম্প্ৰতি নিজ বহৰিৰ কুৰিটা পৰিয়ালৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ ইফালে বহৰি-বাঘবৰ মথাউৰিটোত অব্যাহত থকা খহনীয়াৰ লগতে মথাউৰিৰ কাষত থকা আহত গছজোপা খহনীয়াত জাহ গলে অঞ্চলটোত থকা খিলঞ্জীয়া পৰিয়ালকেইটাৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰত নিঃ শেষ হৈ যোৱাৰ আশংকা কৰা হৈছে ৷ ঘৰৰ কাষতে নৈখনে চলাই থকা খহনীয়াৰ আতংকত এতিয়া উক্ত পৰিয়ালকেইটাই দুশ্চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে ৷ যদিহে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই যিকোনো উপায়েৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ঐতিহ্যমণ্ডিত সত্ৰখন চিৰদিনলৈ হেৰাই যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:ইটিভিৰ বাতৰি প্ৰভাৱ : পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী বিতৰণ ভক্তৰ

ABOUT THE AUTHOR

...view details