অসম

assam

ETV Bharat / state

এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি

জনিয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এন আৰ চিৰ শুনানি উপস্থিত নহ'ল এজনো আপত্তিকাৰী৷

By

Published : May 10, 2019, 3:48 PM IST

এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি

জনিয়া, 10 মে' : সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়া৷ কিন্তু অধিকাংশৰ অভিযোগ জনসাধাৰণক হাৰাশাস্তি কৰাৰ লক্ষ্যৰে চৰকাৰে চলনাৰে দাখিল কৰিছে হাজাৰ-হাজাৰ আপত্তি৷

এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি

কলগাছিয়াৰ দুটা এন আৰ চি শুনানি কেন্দ্ৰত বৃহস্পতিবাৰে উপস্থিত নাথাকিল কোনো এজনো আপত্তিকাৰী ৷ আপত্তিকাৰীৰ অনুপস্থিতিত শুনানিৰ বাবে যোৱা ৰাইজৰ মাজত ভীষণ হাৰাশাস্তিৰ সন্মুখীন হয় ৷ এন আৰ চি কেন্দ্ৰত আপত্তিকাৰীৰ পৰিচয় পত্ৰ আবেদনৰ লগত গাঁঠি নিদিলে আবেদন পত্ৰ গ্ৰহণ কৰা নহয় যদিও, আধৰুৱা আবেদন আৰু আপত্তিকাৰীৰ পৰিচয় পত্ৰ অবিহনেই শুনানিলৈ মাতি হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে৷ ভুক্তভোগীয়ে অনুপস্থিত আপত্তিকাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ অভিযোগ দাখিল কৰিব বিচাৰে যদিও ভুক্তভোগীৰ অভিযোগ শুনাৰ পৰা বিৰত থাকে এন আৰ চিৰ বিষয়া-কৰ্মী৷

উল্লেখ্য যে, বৰনগৰ অঞ্চলৰ সহিজুল ইছলাম, ৰাহুল আৰু মনিশা নামৰ তিনিজনকৈ নাগৰিকৰ বিৰুদ্ধে হিমাংশু ডেকা আৰু অঞ্জন কলিতা নামৰ দুই অজ্ঞাত ব্যক্তিয়ে নথি পত্ৰ বৈধ নহয় বুলি আপত্তি দৰ্শাইছিল৷ কিন্তু শুনানি পৰ্বত কোনো এজন আপত্তিকাৰীয়েই উপস্থিত নথকাত হাৰাশাস্তিৰ সন্মুখীন হয় ভুক্তভোগী লোক তিনিজন৷

ABOUT THE AUTHOR

...view details