অসম

assam

ETV Bharat / state

বালিকুৰিৰ চিকিৎসাকৰ্মীৰ আৱাসগৃহত সংঘটিত চুৰিকাণ্ডৰ লগত জড়িত তিনি চোৰক আটক - কলগাছিয়া আৰক্ষী থানা

বালিকুৰি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসাকৰ্মীৰ আৱাসগৃহত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত তিনি চোৰক আটক আৰক্ষীৰ । ২৫ ছেপ্টেম্বৰত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) অন্তৰ্গত বালিকুৰি আৰক্ষী চকীৰ কাষতে লাগি থকা বালিকুৰি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এগৰাকী চিকিৎসাকৰ্মীৰ আৱাসগৃহত সংঘটিত হৈছিল এই চুৰিকাণ্ড ।

Thieves arrested in Kalgachia
বালিকুৰিৰ চিকিৎসাকৰ্মীৰ আৱাস গৃহত সংঘটিত চুৰিকাণ্ডৰ লগত জড়িত তিনি চোৰক আটক

By

Published : Oct 2, 2022, 8:04 AM IST

জনীয়া, 2 অক্টোবৰ: বৰপেটাত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ (Thefts rise in Barpeta) ৷ শেহতীয়াকৈ কলগাছিয়াত সংঘটিত হৈছিল এক চুৰিকাণ্ড (Theft at Kalgachia) ৷ ২৫ ছেপ্টেম্বৰত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachia Police Station) অন্তৰ্গত বালিকুৰি আৰক্ষী চকীৰ কাষতে লাগি থকা বালিকুৰি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এগৰাকী চিকিৎসাকৰ্মীৰ আৱাসগৃহত সংঘটিত হৈছিল এই চুৰিকাণ্ড ।

ঘটনাৰ বিৱৰণী অনুসৰি, নুৰতাজ তালুকদাৰ নামৰ চিকিৎসাকৰ্মীগৰাকীয়ে দেওবাৰে অৰ্থাৎ 25 ছেপ্টেম্বৰত চিকিৎসালয় বন্ধ থকাৰ বাবে শনিবাৰে অৰ্থাৎ 24 ছেপ্টেম্বৰত নিজ ঘৰলৈ গৈছিল ৷ তাৰেই সুযোগ গ্ৰহণ কৰি চোৰে চলাইছিল চাফাই অভিযান ৷ চোৰে চিকিৎসাকৰ্মীগৰাকীৰ আৱাসগৃহৰ তলা ভাঙি ভিতৰত সোমাই সকলো আচবাব লণ্ডভণ্ড কৰাৰ লগতে সোণৰ আ-অলংকাৰৰ সৈতে নগদ পাঁচ হেজাৰ টকা চুৰি কৰি নিয়ে বুলি জানিবলৈ দিছিল চিকিৎসাকৰ্মীগৰাকীয়ে ৷

বালিকুৰিৰ চিকিৎসাকৰ্মীৰ আৱাস গৃহত সংঘটিত চুৰিকাণ্ডৰ লগত জড়িত তিনি চোৰক আটক

এই ঘটনাৰ পিছত সেই দিনাই অৰ্থাৎ 26 ছেপ্টেম্বৰত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰিছিল এক এজাহাৰ । এজাহাৰৰ ভিত্তিত বালিকুৰি আৰক্ষীয়ে চলাইছিল অভিযান প্ৰক্ৰিয়া ৷ অভিযানকালত শনিবাৰে বালিকুৰিৰ পৰা আৰক্ষীয়ে আটক কৰে তিনি চোৰক (Thieves arrested at Kalgachia) ৷ আটকাধীন চোৰকেইটা কেইটা ক্ৰমে বাহাৰুল ইছলাম, শ্বহিদুল ইছলাম আৰু মকিবুল ইছলাম বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

ইফালে চোৰকেইটাৰ পৰা ভুক্তভোগীৰ সামগ্ৰী উদ্ধাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক:চাইকেল চোৰ কৰিবলৈ আহি গৰুপিটন খালে চোৰে

ABOUT THE AUTHOR

...view details