বৰপেটাৰোড, 28 জুলাই: বৰপেটাৰোডত চিলনী চোৰৰ সন্ত্ৰাস ৷ চিলনী চোৰৰ উপদ্ৰৱত ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে স্থানীয় মহিলাসকলে ৷ শেহতীয়াকৈ মহিলাৰ হাতৰ পৰা টকা নথকা এটা বেগ আজুৰি পলায়ন কৰিবলৈ লওঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় ইৰাণী চোৰৰ বাইক ৷
বৰপেটাৰোডত সংঘটিত হৈছে এই ঘটনা ৷ শিমলাগুৰীৰ কলবাৰী গাৱঁৰ দুগৰাকী মহিলাই বৰপেটাৰোডৰ বেংক অৱ ইণ্ডিয়াৰ পৰা আত্মসহায়ক গোটৰ 50 হাজাৰ টকা উলিয়াই লৈ আহিছিল ৷ তাৰ পিছতে দুয়োগৰাকী মহিলাই নিজ গৃহলৈ বুলি ই-ৰিক্সাৰে আহি থকা সময়তে দুই বাইক আৰোহীয়ে ৰাস্তাতে ই-ৰিক্সা ৰখাবলৈ নিৰ্দেশনা দিয়ে ৷ ৰিক্সাখন ৰখাই দিয়াত দুই চোৰে মহিলা গৰাকীৰ পৰা টকাৰ বেগটো থাপ মাৰি লৈ AS 01 EJ 9881 নম্বৰৰ বাইকেৰে তীব্ৰ গতিত পলায়ন কৰে (Thief snatching bag from woman in Barpetaroad)৷
কিন্তু দুৰ্ভাগ্যৱশতঃ তীব্ৰগতিত গৈ থকা বাইকখনে কিছু দূৰ অতিক্ৰম কৰিয়েই শিমলাগুৰীৰ পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ ফলত থিতাতে এটা চোৰৰ মৃত্যু হয় (Thief killed in an accident while fleeing with bag) ৷ জানিব পৰা মতে চোৰ দুটা ইৰাণী গ্ৰুপৰ সদস্য আছিল ৷