অসম

assam

By

Published : May 21, 2020, 10:30 PM IST

ETV Bharat / state

খাৰুপেটীয়াত চুৰি কাণ্ড

সাৰ বীজ ভাণ্ডাৰত চোৰৰ চাফাই অভিযান লুটি নিলে দুই লক্ষাধিক টকাৰ সামগ্ৰী ৷

thief held at dalgoan fertilizer
খাৰুপেটীয়াত চুৰি কাণ্ড

দলগাঁও ,২১মেঃ বুধবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতেই খাৰুপেটীয়াত সংঘটিত হল চুৰি কাণ্ড । সাৰৰ বীজ ভাণ্ডাৰত চোৰে চলালে ছাফাই অভিযান । বুধবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতেই চোৰে দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁওস্থিত মুক্তাৰুল বীজ ভাণ্ডাৰ নামৰ সাৰ আৰু বীজৰ ব্যবসায়ীক প্ৰতিষ্ঠানখনৰ কাঠৰ দুৱাৰ ভাঙি লুটি নিয়ে প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী বুলি অৱগত কৰে ব্যবসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মুক্তাৰ আলীয়ে ।

খাৰুপেটীয়াত চুৰি কাণ্ড

ইতিমধ্যে ঘটনা সন্দৰ্ভত খাৰুপেটীয়া থানাত এজাহাৰ দাখিল কৰিছে ব্যবসায়ীজনে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ কৰিমগঞ্জত গৰু চুৰি আৰু হত্যাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details