জনীয়া,7 আগষ্ট: কলগাছিয়াত চাইকেল চোৰৰ বিলৈ ৷ চাইকেল চুৰি কৰি চোৰ ধৰা পৰিল ৰাইজৰ হাতত ৷ এহেজাৰ টকাত চুৰি চাইকেল বিক্ৰী কৰি মূৰে কঁপালে হাত দিলে চোৰে (Thief Detained at Kalgachia) ৷
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত যোৱা বুধবাৰে সংঘটিত হৈছিল এক চাইকেল চুৰিৰ ঘটনা ৷ ঘটনাৰ বিবৰণী অনুসৰি কলগাছিয়া অঞ্চলৰে ছানিদুল ইছলাম নামৰ চোৰটোৱে জয়দ নামৰ এজন ব্যক্তিৰ দোকানৰ পিছফালে থৈ দিয়া এখন চাইকেল চুৰি কৰি লৈ যায় ৷
তাৰ পিছতেই চাইকেল বিচাৰি হুৱাদুৱা লাগে জয়দৰ ৷ এই ঘটনাৰ পিছতে চাইকেলখন বিচাৰি অনুসন্ধান চলাই থাকোঁতেই পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷ শুকুৰবাৰে জয়দে চাইকেল চোৰ কৰা ছানিদুলক আটক কৰি শনিবাৰে নিশা একাংশ দেৱানীৰ নেতৃত্বত এক ৰাইজ মেলৰ আয়োজন কৰে ৷ কিন্তু ৰাইজমেল খনত চাইকেলৰ গৰাকীজনে ন্যায় নাপায় হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে ৷