অসম

assam

ETV Bharat / state

দৌল মহোৎসৱৰ প্ৰাকক্ষণত বৰপেটাত চুৰিৰ ঘটনা - বৰপেটাত চুৰিৰ ঘটনা

ঘৰত কোনো নথকাৰ সুযোগ লৈ বৰপেটাৰ বামুণ বাৰাদি সত্ৰৰ দুটাকৈ পৰিয়ালৰ ঘৰত দৌল মহোৎসৱৰ প্ৰাকক্ষণত চুৰিৰ ঘটনা সংঘটিত হয় ৷ পৰিয়াল দুটাৰ ঘৰৰ চোৰে লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ৷

বৰপেটাত চুৰিৰ ঘটনা
বৰপেটাত চুৰিৰ ঘটনা

By

Published : Mar 7, 2020, 9:59 AM IST

বৰপেটা, 7 মাৰ্চঃদৌল মহোৎসৱৰ প্ৰাকক্ষণত বৰপেটাৰ বামুন বাৰাদি সত্ৰৰ দুটাকৈ পৰিয়ালত দুটাকৈ ঘৰত সংঘটিত চুৰিৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুই ভাতৃৰ পৰিয়ালত চোৰে চলালে লুটপাত ৷ আলমিৰা ভাঙি চোৰে লুটি নিয়ে সোণৰ গহনাৰ লগতে নগদ ধন ৷ ভগৱান দাস নামৰ পৰিয়ালটোৰ ঘৰৰ পৰা চোৰে লুটি নিলে তিনি তোলা সোণৰ গহনাৰ লগতে প্ৰায় 27 হাজাৰ নগদ টকা ৷ আনহাতে কুলেন দাসৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে সোণৰ গহনা আৰু নগদ টকা ৷ পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

দৌল মহোৎসৱৰ প্ৰাকক্ষণত বৰপেটাত চুৰিৰ ঘটনা

ABOUT THE AUTHOR

...view details