বৰপেটা, ২ মাৰ্চ :সত্ৰনগৰী বৰপেটাত পুনৰ সত্ৰত চুৰিৰ ঘটনা ৷ চহৰখনৰ দুখনকৈ সত্ৰত চোৰে চলালে চাফাই অভিযান । মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰ আৰু মিলন নগৰ শাখা সত্ৰত সংঘটিত হৈছে চুৰিকাণ্ড ৷
চোৰে লুট কৰি নিলে মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰৰ মূল বিগ্ৰহ ৷ পিতলেৰে নিৰ্মিত আছিল শ্ৰীকৃষ্ণৰ বিগ্ৰহতো ৷ শ্ৰীকৃষ্ণৰ মূল বিগ্ৰহৰ লগতে শাখা সত্ৰ দুখনৰ পৰা চুৰি কৰি নিয়ে কেইবাহাজাৰ টকা প্ৰণামীৰ ধন ৷ নৈমিত্তিক কৰ্ম সম্পাদনৰ বাবে অহা ভকতে পুৱা আহি পোৱাৰ পাছতেই পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা ৷
বৰপেটাৰ দুখনকৈ সত্ৰত চোৰৰ চাফাই অভিযান থান পৰিচালনা সমিতিয়ে জনোৱা মতে, থানখনৰ কীৰ্তনঘৰ সংলগ্ন ভাঁজঘৰৰ মুল দুৱাৰৰ চাৰিটাকৈ তলা ভাঙি চুৰি কৰি নিয়ে থানখনৰ মূল বিগ্ৰহ ৷ ভাঁজঘৰটোত এখন কাঠৰ দৰ্জাৰ লগতে আন এখন লোৰ দুৱাৰ লগোৱা আছিল ৷ চোৰে দুয়োখন দৰ্জাৰ চাৰিটাকৈ তলা ভাঙি ভাঁজঘৰত সোমাই মূল বিগ্ৰহৰ লগতে প্ৰণামীৰ কেইবাহাজাৰ টকা চুৰি কৰি নিয়ে ৷ সত্ৰ দুখনৰ গুৰু আসনৰ কাপোৰ আঁতৰাই পেলায় থৈ যায় চোৰে ৷
একে নিশাই মধ্য মেটুৱাকুছি গৰখীয়া থান শাখা সত্ৰ আৰু মিলন নগৰ শাখাসত্ৰ দুখনত হোৱা চুৰিৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে ৷ শাখাসত্ৰৰ মূল বিগ্ৰহ চুৰিৰ ঘটনাত শোকাহত হৈ পৰিছে সত্ৰখনৰ সৈতে জড়িত লোকসকল ৷
লগতে পঢ়ক:ধুবুৰীৰ ভোটাৰসকলে এইবাৰ কিহৰ ঋণ পৰিশোধ কৰিব লাগিব ?