বৰপেটাৰোড, 3 জুলাই :বৰপেটাৰোডৰ শিমলাগুৰিত একে নিশাতে 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাণ্ড সংঘটিত হৈছে । বিগত 30 জুনৰ ৰাতি ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনত সংঘটিত হৈছে এই চুৰি কাণ্ড ৷ চোৰটোৱে কোনেও নেদেখাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা চুৰি কৰি নিবলৈ সোমাইছিল ৷ কিন্তু চিচিটিভিৰ পৰা সাৰি নগ’ল চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য ।
কিন্তু তাৰ মাজতে চোৰটোৱে কিন্তু পাহৰা নাছিল ক’ভিডৰ কথা । ক’ভিডৰ পৰা ৰক্ষা পাবলৈ চোৰটোৱে চুৰি কৰিবলৈ মাস্ক পৰিধান কৰি লৈছিল । চোৰে চুৰি কৰাৰ এই সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে ৷ শিমলাগুৰিৰ মদন দেৱনাথৰ ৰাধা-কৃষ্ণ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে কিদৰে চুৰ কৰিবলৈ সোমাইছিল সেই দৃশ্য কেমেৰাত বন্দী হৈছে ।
ৰাধা-কৃষ্ণ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা চোৰে বৃহৎ পৰিমাণৰ নগদ ধন চুৰি কৰি নিয়ে ৷