কলগাছিয়া, 20 নৱেম্বৰ: কেৱল ক্ৰিকেট খেলতে হেট্ৰিক অৰ্জন কৰিব পাৰি । কিন্তু এইবাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাপুৰ ৰুভী গাঁৱত চোৰে অৰ্জন কৰিলে হেট্ৰিক ৷ শনিবাৰে নিশা চোৰে তিনিটা ঘৰত চুৰিকাণ্ড সংঘটিত কৰি হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰত চোৰৰ উপদ্ৰৱ। দিনক দিনে চানপুৰত বৃদ্ধি পাইছে চুৰিকাণ্ড ৷ চোৰৰ উপদ্ৰপে এতিয়া ত্ৰাহি মধুসূদন সোধাইছে সাধাৰণ ৰাইজক । চোৰে একে নিশাই হেট্ৰিক মাৰিলে চানপুৰত । শনিবাৰে নিশা কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত চানপুৰ গাঁৱত তিনিটা ঘৰত সংঘটিত হয় চুৰিকাণ্ড । চানপুৰ গাঁৱৰ আনোৱাৰা খাতুন, আব্দুছ ছালামৰ সমান্তৰালকৈ ৰুভি গাঁৱৰ চাইফুল ইছলামৰ ঘৰত চোৰে চলালে ছাফাই অভিযান ।