বৰপেটাৰোড, 18 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা কৰা ক'ভিড নীতি আৰু সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি সৰৱ একাংশ দুষ্ট লোক ৷ যাৰ প্ৰতিদিনেই বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা ৷ ইয়াৰ মাজতে শনিবাৰে নিশা বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তিৰ বাসগৃহত চোৰে চলালে লুটপাত ৷ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত খবৰ মতে, বৰপেটাৰোডৰ 9 নম্বৰ ৱাৰ্ডৰ হীৰালাল ৰাজভৰৰ ঘৰত এই লুটপাত চলাই চোৰে ৷ চোৰে ঘৰৰ এটা আলমিৰা ভাঙি সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ, সোণৰ আঙুঠি, এটা ম’বাইল হেণ্ডচেটসহ নগদ 4 হাজাৰ টকা লুট কৰি নিয়ে ৷ চুৰি হোৱা সামগ্ৰীখিনিৰ আনুমানিক মূল্য প্ৰায় তিনি লাখ টকা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পৰিয়ালটো ৷