অসম

assam

ETV Bharat / state

ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান

ঘৰত কোনো নথকাৰ সুযোগত চোৰে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুটা গডৰেজ ভাঙি সোণৰ অলংকাৰৰ লগতে নগদ 50 হাজাৰ টকা লৈ উধাও ৷

By

Published : Aug 21, 2020, 10:25 AM IST

Theft at barpeta
ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান

বৰপেটা, 21আগষ্টঃ শুকুৰবাৰে নিশা বৰপেটা জিলাৰ গজিয়াৰ নাৰায়ণপুৰত নিশা সংঘটিত হয় চুৰিকাণ্ড ৷ ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰে লুটি নিলে নগদ ধনসহ সোণৰ অলংকাৰ ৷ গজিয়াৰ নাৰায়ণপুৰৰ গিৰিধাৰী দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ৷

ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পৰিয়ালৰ সদস্যসহ গিৰিধাৰী দাস পুৱা আলহী খাবলৈ গৈছিল ৷ সেই সুযোগতে চোৰে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুটা গডৰেজ ভাঙি সোণৰ অলংকাৰ লগতে নগদ 50 হাজাৰ টকা লৈ উধাও হয় ৷ নিশা পৰিয়ালটোৰ লোকসকল ঘৰলৈ উভতি অহাৰ পিচতহে এই সম্পৰ্কত জ্ঞাত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনা সম্পৰ্কে বৰপেটা আৰক্ষীক খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে, স্থানীয় ৰাইজে ই-ৰিক্সাসহ এটা চোৰক ধৰি কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে ৷

ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান

লগতে পঢ়কঃটুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা খাৰবল্লীৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details