বৰপেটাৰোড, 2 আগষ্ট : বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ পৰা সংগৃহীত বিদ্যুতৰ মাচুল চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্য্যালয়ৰ প্ৰায় 21 লাখ টকা চুৰি হৈছে ৷ ঘটনাটো সংঘটিত হয় সোমবাৰে ৷
কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীয়ে সদৰি কৰা মতে যোৱা 31 জুলাইত সংগৃহীত হোৱা বিদ্যুত মাচুল 1 আগষ্ট দেওবাৰ হোৱা হেতুকে বেংকত জমা কৰিব পৰা নাছিল এ পি ডি চি এলৰ কেচিয়াৰে ৷ সেয়েহে 2 আগষ্ট সোমবাৰে সংগৃহীত বিদ্যুতৰ বিলখিনি একেলগ কৰি মুঠ 21 লাখ টকা বেংকত জমা কৰাৰ বাবে সাজু কৰিছিল ৷
লগতে পঢ়ক: চাৰি বছৰে বন্ধ হৈ থকা এপল' মিলত চোৰৰ লুট-পাত
কেচিয়াৰৰ টেবুলৰ কাষত এটা কলা বেগৰ ভিতৰত বিদ্যুতৰ বিলৰ উক্ত টকাখিনি মজুত কৰি অকমান সময়ৰ বাবে আঁতৰি গৈছিল কেচিয়া গৰাকী ৷ কেচিয়া গৰাকী তথা কেচ কাউন্টাৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো অজ্ঞাত লোকে আহি টকাৰ বেগটো লৈ উধাও হয় বুলি জানিবলৈ দিছে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে ৷
এপিডিচিএলৰ কাৰ্যালয়ৰ পৰা চুৰি হ'ল 21 লাখ টকা বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় 21 লাখ টকাৰ বিদ্যুতৰ বিল চুৰি হোৱাৰ ঘটনা বৰপেটাৰোড আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে কাৰ্যালয়টোত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ৷ ইফালে, বিদ্যুত বিভাগৰ কাৰ্যালয়টোত চিচি টিভিৰ ব্যৱস্থা আছে যদিও চিচি টিভি বিকল হৈ আছে ৷ যাৰ বাবে এ পি ডি চি এলৰ কাৰ্যালয়টোত সংঘটিত হোৱা চুৰিকাণ্ডটোৰ তদন্ত কৰাত জটিলতা আহি পৰিছে ৷
লগতে পঢ়ক: মাণিকপুৰত পৰিত্যক্ত অৱস্থাত অসম ৰাজ্যিক বস্ত্ৰ নিগম