কলগাছিয়া,26ছেপ্টেম্বৰ: কলগাছিয়াৰ মইনবৰীত দুবছৰতো নিৰ্মাণ নহ'ল কাঠৰ দলং । যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । মৰণত শৰণ দি টুলুঙা নাৱেৰে যাত্ৰা কৰিছে অঞ্চলবাসীয়ে ৷
কলগাছিয়াত দুবছৰে নিৰ্মাণ নহ'ল কাঠৰ দলং - পশ্চিম মইনবৰী
কলগাছিয়াত উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ আধাৰশিলা স্থাপনে পাৰ কৰিলে দুবছৰ ৷ কিন্তু বৰ্তমানলৈকে সম্পূৰ্ণ হৈ নুঠিল এই নিৰ্মাণ কাৰ্য ৷ যাৰ বাবে বহু সমস্যাত পৰিছে কলগাছিয়াবাসী ৷
উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মইনবৰীৰ পৰা উত্তৰ মইনবৰী সংযোগী মৰা মানাহ নদীৰ ওপৰত নিৰ্মিয়মান কাঠৰ দলংখন দুই বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল ৷ দলং খনৰ আধাৰশিলা স্থাপন কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে ৷ বিধায়ক গৰাকীয়ে আধাৰশিলা স্থাপন কৰা দুটা বছৰ পাৰ হ'ল যদিও গাঁওবাসীয়ে আজিলৈ নেদেখিলে কাঠৰ দলং ৷ অৰ্ধনিৰ্মিত অৱস্থাত নদীৰ মাজভাগত দলংখন ওলমি থকাৰ ফলত উত্তৰ মইনবৰী, ঢাকালিয়াপাৰা, ইছবপুৰ, পশ্চিম মইনবৰী, হাতছাৰা আদি গাঁৱৰ শ-শ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভোগ কৰিব লগীয়া হৈছে যমৰ-যাতনা । যাৰ বাবে দলংখনৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ৷
অন্য এক খবৰৰ বাবে: বিশিষ্ট সংগীত শিল্পী বালা সুব্ৰমনিয়ামক স্মৰণ ৰামোজী ৰাওৰ