জনিয়া, 5 নবেম্বৰ :আজিৰ সমাজত পুৰুষৰ সমানে সমানে আগবাঢ়িছে মহিলাও ৷ কোনোটো ক্ষেত্ৰতেই মহিলা পিচ পৰি ৰোৱা নাই ৷ পুৰুষৰ সমানে কঠিনতকৈ কঠিন কাম সমাধা কৰিছে মহিলাই ৷ ইয়াৰে একাংশ মহিলাই প্ৰচাৰ লাভ কৰে যদিও আন একাংশ মহিলা ৰৈ যায় লোকচক্ষুৰ আঁৰত ৷ শ্ৰমিক শ্ৰেণীৰ মহিলা সকলৰ কথাই ক’ব খোজা হৈছে ৷ অসমৰ চাহ বাগিছা, ইটাৰ ভাটা, ৰোৱাতলি, চৰাঞ্চল আদিত দিবা-নিশি এক কৰি কষ্টৰে জীৱিকা নিৰ্বাহ কৰি আহিছে বহু মহিলাই ৷ ভোকৰ বাবেই এইদৰে অহৰহ এখন যুদ্ধত অক্লান্ত সৈনিকৰ দৰে যুঁজ দিব লাগে এই মহিলা সকলে ৷ যেতিয়া ভোকৰ যন্ত্ৰণাত নিজৰ গৰ্ভজাত সন্তানে ছটফটায় তেতিয়া একমাত্ৰ মাতৃ বুকুয়েহে অনুভৱ কৰিব পাৰে তেওঁলোকৰ অন্তৰ খনে কিমান কান্দে ।
জনীয়া সমষ্টিৰ অন্তৰ্গত ছনপুৰা অঞ্চলতো মহিলাই যঠেষ্ট কষ্টৰে ভাত মোকলাই আহিছে ৷ এবুকু পানীত নামি মৰাপাট বখলিয়াই দিনটোৰ শেষহ কেইটামাহ টকা লৈ ঘৰমুৱা হয় এই মহিলাসকল ৷ হাতৰ মুঠি অথবা আঁচলত বান্ধি লোৱা মজুৰিৰ ধন কেইটাটেই নিহীত হৈ থাকে অন্তহীন আশা ৷ সন্তানকেইটাৰ মুখনত গুজি দিবলৈ এমুঠি ভাত, গাত দিবলৈ এডোখৰ কাপোৰ অথবা নিজৰ বাবেও প্ৰয়োজনীয় কিবা এপদ সামগ্ৰী সকলোবোৰ নিৰ্ভৰ কৰে সেই মজুৰিৰ টকা কেইটাত ৷ মহিলা সকলে পুৰুষৰ লগত কামত ফেৰ মাৰিব পাৰিলেও তেওঁলোকক দিয়া নহয় পুৰুষৰ সমান মজুৰি ।