অসম

assam

By

Published : Mar 26, 2021, 8:00 PM IST

ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল

সত্ৰনগৰী বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল আৰম্ভ হ'ব শনিবাৰৰ পৰা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে সত্ৰ পৰিচালনা সমিতিয়ে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল
তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল

বৰপেটা,২৬ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ মাজতে বৰপেটা সত্ৰত শনিবাৰৰ পৰা আৰম্ভ হ'ব সত্ৰনগৰী বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে সত্ৰ পৰিচালনা সমিতিয়ে ৷ সত্ৰৰ বংশৰাসকলে নিজ নিজ দায়িত্ব অনুসৰি গোঁসায়ে হেকেটা খাবলৈ যোৱা দোলাত ৰং দিয়াৰ পৰা আৰম্ভ কৰি মুখী হাটীৰ বংশৰাসকলে দৌলগৃহ চাফ চিকুন কৰি ৰং দিয়ালৈ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল

এইবেলি বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কীৰ্তনঘৰত প্ৰৱেশৰ সময়ত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ লগতে ভক্তসকলৰ দৌল মহোৎসৱৰ তিনিওটা দিনত মাস্ক নিপিন্ধাকৈ কীৰ্তনঘৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ নিৰ্বাচনৰ বাবেই এতিয়ালৈকে সত্ৰলৈ কোনো ভক্ত দৰ্শনাৰ্থী অহা নাই যদিও পূৰ্বতে দৌল মহোৎসৱৰ দুদিন পূৰ্বৰ পৰাই ভক্ত দৰ্শনাৰ্থীৰ সোঁত বৈছিল সত্ৰলৈ ৷

তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দেউল

উল্লেখ্য যে, সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে 5 হাজাৰ যাত্ৰী থাকিব পৰাকৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা বুলি জানিবলৈ দিছে ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা দৌল মহোৎসৱ অনুসৰি শনিবাৰে বহ্নুৎসৱ, দেওবাৰে ভৰ দৌল আৰু সোমবাৰে বৰপেটাৰ বিখ্যাত সুঁৱেৰী পালন কৰা হ'ব বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক:শিলচৰলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details