বৰপেটা, 4 ফেব্ৰুৱাৰী: বৰপেটাৰ এগৰাকী টেট শিক্ষয়িত্ৰীৰ জীৱনৰ কৰুণ কাহিনী ৷ শিক্ষয়িত্ৰী গৰাকীৰ জীৱনত কাল হ'ল এটি পথ দুৰ্ঘটনাই ৷ 2011 চনত বৰপেটাৰ মন্দিয়াৰ এখন প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষক পদত যোগদান কৰা শিক্ষয়িত্ৰী গৰাকীয়ে 7 বছৰ পূৰ্বে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটি পথ দুৰ্ঘটনাত ৷ বিদ্যালয়ৰ পৰা কৰ্তব্য সামৰি এগৰাকী সতীৰ্থ শিক্ষকৰ সৈতে মটৰ চাইকেলত মন্দিয়াৰ পৰা বৰপেটালৈ আহি থকা অৱস্থাত ব'লেৰো বাহন সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মুনমুন দাস নামৰ টেট শিক্ষয়ত্ৰীগৰাকী ৷
তাৰ পাচৰে পৰা বিচনাৰ ওপৰতে দিন অতিবাহিত কৰিছে মুনমুনে ৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰা পিতৃ উৎলেন্দ্ৰ নাথ দাসে জীৱনৰ সমস্ত ধন কন্যাৰ চিকিৎসাৰ নামত ব্যয় কৰাৰ পিচতো সুস্থ হৈ উঠা নাই মুনমুন দাস ৷ ইফালে কৰ্তব্যত যোগদান কৰিব নোৱাৰাৰ বাবেও বিগত 7 বছৰে বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাকেইটাৰ পৰা ৷