জনীয়া, 9 নৱেম্বৰঃ কলগাছিয়াৰ শওঁপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি কাণ্ড। জানিব পৰা মতে,কলগাছিয়া বজাৰত থকা কাপোৰৰ দোকান সামৰি সেওঁৰাচৰা গাঁৱৰ স্বফিকুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীয়ে বাইকেৰে ঘৰলৈ আহি থকাৰ পথতে পাঁচ-ছয়জনীয়া ডকাইতৰ এটা দলে বাট আগচি ধৰে ৷ ইয়াৰ পিছতে ব্যৱসায়ীগৰাকীক ডকাইতৰ দলটোৱে প্ৰচণ্ড মাৰপিট কৰাৰ লগতে ডিঙিত চুৰিৰে আঘাত কৰি ৪ লাখ ৮০ হেজাৰ টকা লুটি নি ৰাস্তাৰ কাষত পেলাই থৈ যায়। আনহাতে স্থানীয় কেইজনমানে যুৱকে ব্য়ৱসায়ী স্বফিকুলক উদ্ধাৰ কৰি কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰোৱায়।
কলগাছিয়াৰ শওঁপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড - দৃষ্টান্ত মূলক শাস্তি
কলগাছিয়াৰ শওঁপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি কাণ্ড। জানিব পৰা মতে, কলগাছিয়া বজাৰত থকা কাপোৰৰ দোকান সামৰি সেওঁৰাচৰা গাঁৱৰ স্বফিকুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীয়ে বাইকেৰে ঘৰলৈ আহি থকাৰ পথতে পাঁচ-ছয়জনীয়া ডকাইতৰ এটা দলে বাট আগচি ধৰে ৷ ইয়াৰ পিছতে ব্যৱসায়ীগৰাকীক ডকাইতৰ দলটোৱে প্ৰচণ্ড মাৰপিট কৰাৰ লগতে ডিঙিত চুৰিৰে আঘাত কৰি ৪ লাখ ৮০ হেজাৰ টকা লুটি নি ৰাস্তাৰ কাষত পেলাই থৈ যায়।
![কলগাছিয়াৰ শওঁপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড The shocking Robbery incident took place in Kalgachia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9491997-639-9491997-1604939167357.jpg)
কলগাছিয়াৰ শওঁপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড
উল্লেখযোগ্য যে,কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চিলনী চোৰ, চোৰ-ডকাইতৰ উপদ্ৰৱত নিৰাপত্তা নাইকিয়া হৈ পৰিছে সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ ওপৰত নিৰাপত্তা নাইকিয়া হৈ পৰিছে ৷এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বিগত এমাহৰ ভিতৰতে কলগাছিয়া এলকাত দিন-দুপৰতে কেইবাটাও চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে ৷তাকে লৈ চিন্তিত হৈ পৰিছে সৰ্ব সাধাৰণ ৰাইজ ৷ এই ক্ষেত্ৰত কলগাছিয়া এলেকাৰ ৰাইজে দোষীক কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তিৰ দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়কঃনীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ