অসম

assam

ETV Bharat / state

জিলা ঘোষণাৰ পাছতেই আনন্দৰ জোঁৱাৰ বজালীত - স্বাধীনতা দিৱস

পৰৱৰ্তী স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্য়ৰ ভৌগোলিক মানচিত্ৰত সংযোজন ঘটাই সোমবাৰে বজালীক জিলা ঘোষণা কৰা হৈছে ৷ চৰকাৰৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ পৰে সমগ্ৰ বজালীবাসীৰ লগতে দল-সংগঠনসমূহ ৷

The people of Bajali are happy with the announcement of Bajali district assam etv bharat news
বজালী জিলা ঘোষণা

By

Published : Aug 11, 2020, 8:06 PM IST

পাঠশালা,11 আগষ্ট: বিগত নিৰ্বাচনৰ পূৰ্বে নামনি অসমৰ বিশেষকৈ বৰপেটা জিলাৰ গুৰুত্বপূৰ্ণ অংশ বজালীক জিলা ঘোষণা কৰাৰ আশ্বাস দিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে আশাবাদী হৈ ৰৈছিল বজালীবাসী ৷ অৱশেষত বজালীবাসীৰ বহু প্ৰতিক্ষিত সেই মুহুৰ্ত বাস্তৱত পৰিণত হ’ল ৷ পৰৱৰ্তী স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্য়ৰ ভৌগোলিক মানচিত্ৰত সংযোজন ঘটাই বজালীক জিলা ঘোষণা কৰা হয় ৷

চৰকাৰক কৃতজ্ঞতা জ্ঞাপন

বজালীবাসীৰ বহুদিনীয়া দাবীৰ উপৰিও জিলা ঘোষণাৰ দাবীত আছুৰ অনশন আৰু বজালী জিলা দাবী সমিতিৰ চেষ্টাৰ পৰিণতিত অৱশেষত সোমবাৰে চৰকাৰে বজালীক মৰ্যাদা দিয়ে পূৰ্ণাংগ জিলাৰ ৷ এই ঘোষণাক কেন্দ্ৰ কৰি স্বাভাৱিকতে বজালীৰ প্ৰাণকেন্দ্ৰ পাঠশালাত উঠিছে আনন্দৰ জোঁৱাৰ ৷ এনে পৰিৱেশত পাঠশালাৰ দল-সংগঠনসমূহে 15 আগষ্টৰ পূৰ্বে নতুন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰিছে ৷ লগতে চৰকাৰক এই সিদ্ধান্ত গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

বজালী জিলা ঘোষণা

বজালী জিলাত অন্তৰ্ভূক্ত হৈছে পাটাছাৰকুছি, ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টি ৷ কিন্তু ভৱানীপুৰ সমষ্টিৰ অধিকাংশ অংশ সম্প্ৰতিও বিটিএডিত অন্তৰ্ভূক্ত হৈ আছে ৷ এনেক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অবড়ো গাঁও কৰ্তনৰ দাবী তোলে ৷ পাঠশালা আছুৰ সকলো কৰ্মকৰ্তাও অংশগ্ৰহণ কৰে মঙলবাৰৰ এই বিজয় উৎসৱত ৷

আনন্দৰ জোঁৱাৰ বজালীবাসীৰ মাজত

উল্লেখ্য যে,সোমবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বজালীক জিলা ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছিল বজালীবাসী ৷ তদুপৰি বীৰ শ্বহীদ প্ৰণয় কলিতাৰ আদ্যশ্ৰাদ্ধৰ সৈতে আয়োজিত স্মৃতিচাৰণ সভাত উপস্থিত থাকি এই খবৰ প্ৰকাশ কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

লগতে চাওকঃমৰিগাঁৱত জোঁৱাইৰ লটি-ঘটি !

ABOUT THE AUTHOR

...view details