অসম

assam

ETV Bharat / state

সিন্ধি খন্দা চোৰে টোপনি হৰিছে মেৰেৰচৰ বাসীৰ - he nuisance of thieves in Barpeta

সৰু-বৰ সকলো অপৰাধীৰ বিৰুদ্ধে অসম কঠোৰ হোৱা সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ শনিবাৰে নিশা বৰপেটা আৰু জনীয়া দুখন গাঁৱত চোৰে চলালে লুটপাত ৷ সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে চলালে লুটপাত ৷

the-nuisance-of-thieves-in-barpeta-and-Bongaigaon
বৰপেটা আৰু বঙাইগাঁৱত চোৰৰ উপদ্ৰৱ

By

Published : Oct 3, 2021, 10:41 PM IST

জনীয়া, 3 অক্টোবৰ : আৰক্ষী তথা গাঁওবাসীৰ চকুত ধুলি মাৰি শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁৱৰ দুটাকৈ পৰিয়ালত চোৰে চলালে লুটপাত ৷ দক্ষিণ চেনিমাৰী গাঁৱৰ আব্দুৰ ৰহমান আৰু উত্তৰ ৰামপুৰ গাঁৱৰ তাহেৰ আলীৰ ঘৰত নিশা চোৰে সিন্ধি খান্দি ঘৰৰ ভিতৰৰ প্ৰৱেশ কৰি নগদ 1 লাখ 31 হাজাৰ টকা চুৰি কৰি নিয়ে ৷ লগতে সোণৰ চেইন, ৰূপৰ চেইন, আন আন সামগ্ৰী সহ প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰীয়ো চুৰি কৰি নিয়ে চোৰে ৷

বৰপেটা আৰু বঙাইগাঁৱত চোৰৰ উপদ্ৰৱ

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃহত্তৰ দক্ষিণ চেনিমাৰী আৰু উত্তৰ ৰামপুৰ অঞ্চলত আই পি এল, মদ, জুৱা, ভাং আদি গ্ৰাস কৰাৰ ফলত সঘনাই এনেকুৱা ঘটনা বৃদ্ধি পাইছে বুলি সচেতন ৰাইজে প্ৰকাশ কৰিছে ৷ ঘটনা সংক্ৰান্তত মেৰেৰচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ৷ অতি শীঘ্ৰে অবৈধ মদ, জুৱা, ভাং আৰু আই পি এলৰ জোৱা বন্ধ কৰাৰ লগতে চোৰক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে ৷

একেদৰে জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীত শুকুৰবাৰে নিশা অনুৰূপ পদ্ধতি অৱলম্বন কৰি মোকবুল হুছেইন ঘৰত চোৰে চলালে লুটপাত ৷ মোকবুল হুছেইন ঘৰত সিন্ধি খান্দি প্ৰায় ২ লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰি নিয়ে চোৰে ৷

লগতে সোণৰ চেইন, ৰূপৰ চেইন, মোবাইল আৰু আন আন সামগ্ৰীয়ো চুৰি কৰি নিয়ে নিয়ে ৷ এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সংক্ৰান্তত মেৰেৰচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ৷ লগতে ঘটনাত জড়িত থকা চোৰক অচিৰেই বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়কঃPolice Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ

ABOUT THE AUTHOR

...view details