অসম

assam

ETV Bharat / state

কীৰ্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম - Kirtanpara woman struggle

জীয়াই থকাৰ তাড়ণাত আৰু ৰুগীয়া স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰাম চলোৱা এগৰাকী মহিলা ৷ যাৰ নাম প্ৰভাতী আৰ্য ৷ স্বামীৰ চিকিৎসা আৰু ৩ সন্তানৰ সন্মুখত এমুঠি অন্ন দিয়াৰ বাবে চাইকেলেৰে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি মহিলা গৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম ৷

The life struggle of a woman from Kirtanpara
কীৰ্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

By

Published : May 6, 2021, 1:30 PM IST

জনীয়া, 6 মে: বঙাইগাঁও জিলাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম ৷ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্তনপাৰা গাঁৱৰ প্ৰভাতী আৰ্য নামৰ মহিলা গৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনী এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ৷ জীয়াই থকাৰ তাড়না, ৰুগীয়া স্বামীৰ চিকিৎসা আৰু 5 জনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ বাবে মহিলাগৰাকীয়ে কৰি গৈছে ব্যৱসায় ৷ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে চাইকেলেৰে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি মহিলা গৰাকীয়ে স্বামী লালন আৰ্যৰ চিকিৎসা কৰি গৈছে ৷

কীৰ্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

দীৰ্ঘদিন ধৰি পেৰালাইচিচ হৈ শয্যাশায়ী হৈ থকা স্বামীৰ চিকিৎসাৰ লগতে ৩ সন্তানক এমুঠি আহাৰ আৰু বস্ত্ৰৰ বাবে মহিলাগৰাকীয়ে চলাই গৈছে তেওঁৰ সংগ্ৰাম। অতিকৈ দৰিদ্ৰ মহিলাগৰাকীয়ে দিনৰ দিনটো গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি আবেলি ঘৰলৈ ওভতনিৰ সময়ত বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি পৰিয়ালটোক পোহপাল দি আহিছে । মহিলাগৰাকীৰ এনে আদৰ্শ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক:দিখৌমুখত মীন বিপ্লৱৰ সূচনা অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ

ABOUT THE AUTHOR

...view details