জনীয়া, 7 ফেব্ৰুৱাৰী :এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ শৰীয়তপূৰ অঞ্চল ৷ ঘটনাৰ বিৱৰণ অনুসৰি কলগাছিয়াৰ বামুণটাৰিত ৫০ হাজাৰ টকাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছিল কাজিয়া আৰু প্ৰচণ্ড মাৰপিট।
স্থানীয় লোকে সদৰি কৰা মতে বিগত 29 ফেব্ৰুৱাৰীত দুই ফৈদৰ মাজত সংঘটিত কাজিয়াৰ মাজতে মফিজ উদ্দীন আৰু মহছিন আলী নামৰ দুজন লোকে আমানত খান নামৰ এজন লোকক ভাৱে প্ৰহাৰ কৰিছিল ৷ ইয়াৰ পিছতে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত আমানত খান ক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে চিকিৎসকে ৷