বৰপেটাৰোড,1ডিচেম্বৰঃ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি ৷ প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত মথনগুৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী গৌতম দাসক জয়ী কৰাবলৈ ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গৌতম দাসৰ সপক্ষে ভোট দিবলৈ আহ্বান জনোৱাৰ সমান্তৰালভাৱে পিছ পৰি নৰ'ল বিধায়িকা আঙুৰলতা ডেকাও ৷
মঙলবাৰে বিটিচিৰ মথনগুৰী সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা আঙুৰলতা ডেকাই ৷ বিধায়িকাগৰাকীয়ে ভাষণ প্ৰসংগত বিটিচিৰ পৰা বিপিএফক উৎখাত কৰি ৰাইজে বিপিএফক মিউজিয়ামত ৰাখিব লাগিব বুলি কয় ৷ তদুপৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক বকাসুৰ আখ্যা দি বিধায়িকা আঙুৰলতা ডেকাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ টকা হাগ্ৰামা বাহিনীয়ে আত্মসাৎ কৰা বুলিও বিস্ফোৰক মন্তব্য কৰে ৷