জনিয়া,25 ছেপ্টেম্বৰ :বাৰম্বাৰ কলগাছিয়াৰ মইনবৰীত বেকী নদীৰ খহনীয়াৰ ভয়ংকৰ ৰূপ বাতৰি সম্প্ৰচাৰৰ পাচতো গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ঐতিহাসিক মইনবৰীত অধিক ভয়ংকৰ ৰূপ গৰাখহনীয়াই ৷ বেকী নদীৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ ভেটি-মাটি, সম্পত্তি, ৰাস্তা-ঘাট, বিদ্যালয়, মন্দিৰ মছজিদ ৷ থাকিবলৈ ঘৰ নোহোৱা হৈছে নৈপৰীয়া ৰাইজৰ ৷ সেয়ে নিৰাপদ আশ্ৰয় বিচাৰি নৈপৰীয়া ৰাইজে ঢাপলি মেলিছে ৰাইজে নিৰাপদ স্থানলৈ ৷
আনহাতে বেকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে কেইবাখনো বিদ্যালয়, মছজিদ, মাদ্ৰাছা, মইনবৰী বজাৰ আৰু গড়কাপ্তনী পথ ৷ নৈৰ বুকুত বিদ্যালয় জাহ যোৱাৰ পাচত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে বিগত 15-20 দিনত প্ৰায় 200 টা পৰিয়ালৰ মাটি-ভেঁটি বেকী নৈৰ বুকুত জাহ গৈছে ফলত কোনোবাই ৰাস্তাৰ কাষত, কোনোবাই বেলেগৰ ঘৰত আশ্ৰয় লৈছে ৷