বৰপেটা, 5 জুন : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়াত বেঁকী নৈৰ বানৰ বিভীষিকা । ভূটানৰ কুৰিশ্বু বান্ধৰ পানী সঘনাই এৰি দিয়াৰ ফলত বেঁকী নৈৰ বাঢ়নী পানীত এতিয়াও জলমগ্ন হৈ আছে কলগাছিয়া ৰাজহ চক্ৰৰ ৬৮ খন গাঁও । ৰাজহ চক্ৰটোৰ অন্তৰ্গত এলেকাত ঠায়ে ঠায়ে নৈপৰীয়া তথা চৰাঞ্চলৰ বানাক্ৰান্ত পৰিয়ালে ওখ ভেঁটি তথা পথৰ ওপৰত শিবিৰ পাতি আশ্ৰয় লৈছে ।
কলগাছিয়া বান শিবিৰত বন্যাৰ্তৰ হাহাকাৰ - বান শিবিৰ
সুতিৰপাথাৰ মধ্য চৰ বান শিবিৰত অনাহাৰে গৰু-ম'হৰ সৈতে সহৱস্থান বন্যাৰ্তৰ । খাদ্য, বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ।
চৰাঞ্চলৰ সুতিৰপাথাৰ মধ্য চৰ বান শিবিৰত আশ্ৰয় লোৱা লোকসকল খাদ্য, বস্ত্ৰ, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, শৌচাগাৰৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে । শিবিৰটোৰ ৩৫ টা পৰিয়ালে লঘোণে থাকি নিজ নিজ পশুধনৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে। যাৰ বাবে এসাজ খাই এসাজ লঘোনে থাকি নদীৰ দূষিত পানী খাই তৃষ্ণা নিবাৰণৰ কৰাৰ ফলত শিবিৰত থকা কণ কণ ল'ৰা-ছোৱালীয়ে বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে । এই লোকসকল চৰকাৰী বান সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ লগতে কলগাছিয়া ৰাজহ চক্ৰ এলেকাত এখনো বান শিবিৰ দেখুৱা হোৱা নাই বুলি অভিযোগ কৰে । বান শিবিৰটোৰ আশ্ৰয় লৈ থকা বন্যাৰ্তই চৰকাৰক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক :অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা