অসম

assam

ETV Bharat / state

Breaking News from Barpeta: প্ৰৱেশদ্বাৰত তলা ওলমাই অধ্যক্ষৰ নিযুক্তিত বাধা ছাত্ৰ-ছাত্ৰীৰ - Breaking News from Barpeta

বৰপেটাৰ আব্বাছ আলি চৌধুৰী মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Students protest in Barpeta) ৷ বিদ্যালয়ৰ গেটত তলা ওলমাই ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷

Students protest in Barpeta
প্ৰৱেশদ্বাৰত তলা ওলমাই অধ্যক্ষৰ নিযুক্তিত বাধা ছাত্ৰ-ছাত্ৰীৰ

By

Published : Feb 26, 2022, 3:20 PM IST

জনীয়া, 26 ফেব্ৰুৱাৰী: বৰপেটা জিলা শিক্ষা পৰিমণ্ডলৰ অন্তৰ্গত আব্বাছ আলি চৌধুৰী মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনৰ বাবে নতুন অধ্যক্ষ নিযুক্তি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰাক্তন অধ্যক্ষ ৰফিক আহমেদক অধ্যক্ষৰ পদত বাহাল ৰখাৰ দাবীত শনিবাৰে বিদ্যালয়ৰ গেটত তলা ওলমাই ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰিছে (Students protest in Barpeta)।

উল্লেখযোগ্য যে, বিদ্যালয়খনত প্ৰায় ৯ মাহ পূৰ্বে অধ্যক্ষ হিচাপে নিযুক্তি দিয়া ৰফিক আহমেদে অধ্যক্ষৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অহাৰ সময়তে ইতিমধ্যে অৱসৰ গ্ৰহন কৰা আন এখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল আজিজক নতুনকৈ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াত ক্ষুদ্ধ হৈ পৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল । ফলত শনিবাৰে বিদ্যালয়ৰ গেটত তলা লগাই নতুন অধ্যক্ষ আব্দুল আজিজক যোগদানত বাধা প্ৰদান কৰাৰ লগতে প্ৰাক্তন অধ্যক্ষ ৰফিক আহমেদক অধ্যক্ষৰ পদত বাহাল ৰখাৰ দাবীত আব্বাছ আলী মেমৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰাক্তন অধ্যক্ষ ৰফিক আহমেদক বাহাল ৰাখক, দুদিনৰ বাবে নতুন অধ্যক্ষ নিযুক্তি দিব নালাগে, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাত ব্যাঘাত জন্মোৱা নচলিব, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ নষ্ট কৰা নচলিব আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন

ABOUT THE AUTHOR

...view details