জনীয়া,31 অক্টোবৰঃকলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত এগৰাকী স্থানীয় ব্যক্তি শুকুৰ আলী মোল্লাই তেখেতৰ কন্যাক সন্তান প্ৰসৱ কৰোৱাবলৈ চিকিৎসালয়ত ভৰ্তি কৰিছিল। ইপিনে সন্তান প্ৰসৱ হোৱাৰ পিছত সাধাৰণ কক্ষত ৰখা হয় ৰোগী গৰাকীক ।
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উত্তেজনা - তৰ্কা- তৰ্কিৰ আৰম্ভ
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি । ৰোগীৰ আত্মীয়ৰ লগত দূৰ ব্যৱহাৰ কৰ্মচাৰীৰ। ৰোগীৰ আত্মীয়ক চিকিৎসালয়ত প্ৰবেশত বাধা প্ৰদান।
শনিবাৰে দুপৰীয়া ৰোগী গৰাকীক চাবলৈ পিতৃ শুকুৰ আল্লী মোল্লাই কক্ষলৈ যাবলৈ ধৰোতে চিকিউৰিটি গাৰ্ডে বাধা প্ৰদান কৰাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰ ফলত গাৰ্ড আৰু ৰোগীৰ আত্মীয়ৰ মাজত তৰ্কা- তৰ্কিৰ আৰম্ভ হয়। আনহাতে পিছলৈ সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। তাৰপিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগীয়া হৈ পৰে ৷ চিকিৎসালয় খনৰ অধীক্ষক ড০ ছামচুল আলমে সকলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
লগতে পঢ়কঃ যান বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী