অসম

assam

By

Published : Feb 18, 2022, 12:46 PM IST

ETV Bharat / state

চাৰি দফীয়া দাবীক লৈ পানীযোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ ওচৰত চাৰি দফীয়া দাবীক লৈ পানী যোগান আঁচনিসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলৰ বৰপেটা জিলাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন (Temporary PHE employees protest Across the state) ৷

phe-temporary-employee-protest-across-the-state
চাৰি দফীয়া দাবীক লৈ পানীযোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

বৰপেটা, 18 ফেব্ৰুৱাৰী : ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত প্ৰায় ৮৯০৪ গৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে বিনাবেতনে পানীযোগান আঁচনিসমূহত অস্থায়ী ভিত্তিত নিতৌ সেৱা আগবঢ়াই আহিছে ৷ আনকি ৰাজ্যৰ ভিতৰুৱা গ্ৰামাঞ্চল সমূহতো অস্থায়ী ভিত্তিত বছৰ বছৰ ধৰি কৰ্মৰত হৈ থকা একাংশ শ্ৰমিক-কৰ্মচাৰীসকলে পানী যোগান আঁচনিসমূহ স্থাপনৰ বাবে চৰকাৰক ভূমিও প্ৰদান কৰিছে ৷

চাৰি দফীয়া দাবীক লৈ পানীযোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

নিজৰ ভূমি দান কৰিও বিনাবেতনে সেৱা আগবঢ়াই অহা এই শ্ৰমিক-কৰ্মচাৰীসকলে আজি পৰ্যন্ত চৰকাৰৰ কোনো সহায় সহযোগিতা লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে বৰপেটা জিলাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰমিক-কৰ্মচাৰীসকলে জিলা সংমণ্ডল সমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি (Temporary PHE employees protest Across the state )তেঁওলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত বৃহস্পতিবাৰে বৰপেটা জিলাৰ কাৰ্যবাহী অভিযন্তা, বিভাগীয় বিষয়া আৰু উপায়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

এই স্মাৰক পত্ৰখনৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ চৰকাৰৰ ওচৰত আহ্বান জনায় ৷ বিশেষকৈ অস্থায়ী ভিত্তিত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলক বিভাগীয়ভাৱে নিযুক্তি আৰু পৰিচয় পত্ৰ প্ৰদান কৰা, বেংক একাউন্টযোগে মাহিলী পাৰিতোষিক প্ৰদান কৰা, শ্ৰমিক-কৰ্মচাৰীসকলক কাম অনুসৰি পাম্প অপাৰেটৰ, পালাম্বাৰ, মেচন আদি পদত নিযুক্তি ,পৰিচয় পত্ৰ প্ৰদান আৰু বেতন বহিৰ্ভূত কৰ্মচাৰীসকলক ৫ বছৰৰ বাবে এককালীনভাৱে পাৰিতোষিক প্ৰদানৰ দাবীত বৃহস্পতিবাৰে বৰপেটাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (Temporary PHE employees protest demanding wage release) ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পানী যোগান আঁচনিসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলে উত্থাপন কৰা এই চাৰি দফীয়া দাবীসমূহ আগন্তুক ১০ মাৰ্চৰ ভিতৰত সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ অন্যথা অনাগত দিনত পুনৰ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক :অব্য৷হত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details