বৰপেটা,২৩ মাৰ্চ:"পৃথিৱীখন ভাল কৰাৰ দায়িত্ব শিল্পী সমাজৰ । শিল্পীয়ে পৃথিৱীখন ভাল কৰিবলৈ পলিটিক্স কৰাৰ প্ৰয়োজন নাই, মই কিন্তু পলিটিক্স কৰা নাই"-এই মন্তব্য জনপ্ৰিয় অভিনেত্ৰী-শিল্পী তেহচিন আখতাৰৰ ৷ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা মহাজোঁটৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ হৈ মঙলবাৰে প্ৰচাৰ চলাই জাকিৰ হুছেইনৰ সহধৰ্মিণী তথা জনপ্ৰিয় অভিনেত্ৰী-শিল্পী তেহচিন আখতাৰে ৷ তেহচিন আখতাৰে নিজে কণ্ঠদান কৰা নিৰ্বাচনী গীতেৰে সমষ্টিবাসী ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে ।
স্বামীক উদ্ধাৰৰ বাবে তেহচিন আখতাৰৰ নিৰ্বাচনী প্ৰচাৰ - tehsin akhtar
সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা মহাজোঁটৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ হৈ মঙলবাৰে প্ৰচাৰ চলাই জাকিৰ হুছেইনৰ সহধৰ্মিণী তথা জনপ্ৰিয় অভিনেত্ৰী-শিল্পী তেহচিন আখতাৰে ৷ তেহচিন আখতাৰে নিজে কণ্ঠদান কৰা নিৰ্বাচনী গীতেৰে সমষ্টিবাসী ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে ।
স্বামীক উদ্ধাৰৰ বাবে তেহচিন আখতাৰৰ নিৰ্বাচনী প্ৰচাৰ
সাংবাদিকৰ প্ৰশ্নত তেওঁ কয় যে, জাকিৰ হুছেইনৰ দৰে এজন দক্ষ বিধায়ক সমষ্টিত প্ৰয়োজন । সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ বাবে জাকিৰ হুছেইন বিধায়ক নহয়, তেওঁ প্ৰতিটো পৰিয়ালৰ সন্তান ৷ জাকিৰ হুছেইনৰ নিচিনা বিধায়ক যদি প্ৰতিটো সমষ্টিতে থাকে, তেতিয়া দুৰ্নীতি ক'তো নাথাকিব । লগতে প্ৰত্যক্ষ ৰাজনীতিত যোগদান নকৰি বিধায়ক পত্নী হিচাপে জাকিৰ হুছেইন পুনৰ বিধায়ক হোৱাটো বিচাৰে বুলি সদৰী কৰে ।
লগতে পঢ়ক:আল্লাৰ নামত ভোট বিচাৰি আঙুৰলতাক উদ্ধাৰৰ চেষ্টা মুখ্যমন্ত্ৰীৰ