বৰপেটা,২৪ আগষ্ট:যোৱা ১৫ আগষ্ট তাৰিখে বৰপেটাৰ পৰা নিৰুদ্দেশ হয় এজন কিশোৰ(Teenager missing from Barpeta) । নিৰুদ্দেশ হোৱা কিশোৰজনৰ নাম ফৰসাদ আলী । কিশোৰজনক বিচাৰি ডুমডুমাত উপস্থিত হ'লগৈ পিতৃৰ লগতে পৰিয়ালৰ লোক ।
জানিব পৰা মতে, ১৫ আগষ্টৰ পুৱা টিউচন কৰিবলৈ বুলি ওলোৱা ১৬ বছৰীয়া ফৰসাদ আলীয়ে মাকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল । ঘৰৰ পৰা আঁতৰত থাকি ভৱিষ্যতে নিজকে এগৰাকী সফল ব্যক্তি ৰূপে গঢ়ি তুলি ঘৰলৈ ঘূৰি অহাৰ সপোন লৈ কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যায় ফৰসাদে । কিন্তু ফৰসাদৰ এই সিদ্ধান্তই পিতৃ-মাতৃৰ পেটৰ ভোক আৰু চকুৰ টোপনি নোহোৱা কৰিলে । নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালটোত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি ।
টিউচন কৰিবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ বহু অনুসন্ধানৰ অন্তত তিনিচুকীয়া চহৰৰ এক চিচিটিভিৰ ভিডিঅ'ৰ জৰিয়তে লাভ কৰা খবৰৰ ভিত্তিত পিতৃ আব্দুল বাৰীৰ লগতে পৰিয়ালৰ লোকে পুত্ৰৰ সন্ধানত উপস্থিত হয় তিনিচুকীয়াৰ ডুমডুমাত । ডুমডুমালৈ আহি ডুমডুমা আৰক্ষী থানাত অৱগত কৰে ঘটনাৰ সবিশেষ ।
আনহাতে হোটেলত কাম কৰি থকাৰ সন্দেহ প্ৰকাশ কৰি ঘূৰি ফুৰিছে ডুমডুমা চহৰৰ হোটেলে হোটেলে । কিন্তু বৰ্তমানলৈ পোৱা নাই কোনো সন্ধান । এই ক্ষেত্ৰত দল-সংগঠন আৰু ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে । লগতে কোনোৱে যদি সন্ধান পাই তেন্তে ৬৯০০৯৭৯৩৮৭ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
লগতে পঢ়ক:পানবাৰীৰ উপস্বাস্থ্য কেন্দ্ৰত আজিও ওলমি থাকিল তলা